Assam Heat wave:✒️ৰাজ্যৰ বিভিন্ন প্ৰান্তত তাপমাত্ৰা ৪০ ডিগ্ৰী চেলছিয়াচে স্পৰ্শ কৰিছে।
উৎকট গৰমে জনসাধাৰণৰ দৈনন্দিন জীৱনত যথেষ্ট প্ৰভাৱ পেলাইছে।
গৰমৰ প্ৰকোপত জনজীৱন কিছু পৰিমাণে স্তব্ধ হৈ পৰিছে।
বিশেষকৈ দিনৰ ভাগত ঘৰৰ বাহিৰত ওলোৱাটো কষ্টকৰ হৈ পৰিছে।
শিশু আৰু বৃদ্ধসকলক এই গৰমৰ পৰা সাৱধান হোৱাৰ পৰামৰ্শ দিয়া হৈছে।
✒️গৰমৰ দিনবোৰত অতি কমেও তিনি লিটাৰ পানী খাব লাগে।
✒️ব্যায়াম বা যিকোনো শাৰীৰিক কছৰতৰ আগত আৰু পাছত পানী বা আন কোনো তৰল পদাৰ্থ পান কৰিব।
✒️ ডায়েটৰ তালিকাত ছুপ, ছালাদ আৰু ফলাহাৰৰ মাত্রা বৃদ্ধি কৰক। খাদ্য কম মছলাযুক্ত আৰু লঘু হ’ব লাগে।
✒️ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিব। গৰমৰ বতৰত পানীজনিত ৰোগ সঘনাই বিয়পে। হাত দুখন সকলো সময়তে পৰিষ্কাৰ কৰি ৰাখিব। বহু সময়ৰ আগতে কাটি থোৱা ফল নাখাব।
✒️বাহিৰত আহাৰ খোৱাটো পৰিহাৰ কৰক।
✒️ফল আৰু পাচলিৰ ৰস একেলগে নাখাব। দুয়োবিধ ৰস গ্ৰহণৰ মাজত কমেও ৩-৪ ঘণ্টাৰ ব্যৱধান থাকিব লাগে।
✒️একেলগে তিনিবিধৰ অধিক ফলৰ ৰস মিহল কৰি নাখাব।
✒️টেমাত থকা বজাৰৰ ৰস পান নকৰাই ভাল। ঘৰত ফলৰ ৰস তৈয়াৰ কৰিলে তাত বৰফ বা চেনি নিমিহলাব। অতিৰিক্ত কেলৰিৰ পৰা ৰক্ষা পৰিব।






























