Sivsagar :
শিৱসাগৰৰ ভটীয়াপাৰৰ বাৰীচুকত অ’নজিচিৰ তৈলখাদৰ পৰা গেছ নিৰ্গমনৰ ফলত হোৱা আতংক মাৰ নৌযাওঁতেই পুনৰ ৰুদ্ৰসাগৰৰ জোনাকী নগৰৰ এটা পৰিয়ালৰ বাসগৃহৰ ভিতৰত সৃষ্টি হোৱা গাঁতৰ পৰা তৈল পদার্থ নির্গত হোৱা ঘটনাই স্থানীয় ৰাইজক শংকিত কৰি তুলিছে।
তথ্য মতে, অঞ্চলটোৰ কৃষ্ণ দাস নামৰ লোকজনৰ ঘৰত পুৱা চাহ বনাবলৈ যোৱাৰ সময়ত হঠাৎ ৰান্ধনিশালৰ এটা অংশ বহি যায়। লগে লগে বুৰবুৰনি উঠি কিছুমান তৈল পদার্থ নির্গত হ’বলৈ আৰম্ভ কৰাৰ লগতে ক্রমান্বয়ে গাঁতটো দ হৈ পৰে।
লাহে লাহে এই পদার্থ দাঁতিকাষৰীয়া অঞ্চললৈয়ো বিয়পি যায়। যাৰ বাবে ওচৰ-চুবুৰীয়াই বিপদৰ আশংকা কৰি জুইৰ ব্যৱহাৰৰ পৰা বিৰত থাকে। লগে লগে অ’এনজিচি, প্রশাসন আৰু সংবাদকর্মী সকলক স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত অৱগত কৰে। ইতিমধ্যে অঞ্চলটোৰ চৌদিশে তেলৰ গোন্ধ বিয়পি পৰে। ঘটনাৰ বুজ ল’বলৈ অ’এনজিচি, এছডিআৰএফ আৰু ৰাজ্যিক অগ্নিনির্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে উক্ত স্থানলৈ ৰাইজৰ অহা-যোৱা বন্ধ কৰি দিছে। ইফালে, বহু বছৰৰ পৰা পথাৰৰ মেটেকানিৰ মাজৰ পৰাও নিগৰি নিগৰি তেলমিশ্রিত পদার্থ নির্গত হৈ আহিছে বুলি ঘৰৰ গৰাকী কৃষ্ণ দাসে সদৰী কৰিছে।
উল্লেখ্য যে অঞ্চলটোত মাটিৰ তলত অ’এনজিচিৰ যথেষ্ট সংখ্যক তেলৰ পাইপ আছে। কিন্তু তেল নিগৰি অঞ্চলটোৰ বাসিন্দাসকলৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা সত্ত্বেও অ’এনজিচিয়ে কোনো গুৰুত্ব প্রদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে। তাত থকা জলৰাশিত ওপঙি থকা তেলৰ চেকুৰাই এই কথাৰ প্ৰমাণ দিয়ে।
উল্লেখ্য যে অঞ্চলটোত মেটেকাকে ধৰি সৰু সৰু গছ-গছনিবোৰ মৰি থাকে নিগৰিত তেলৰ প্ৰভাৱত। আনকি ৰাইজে বাৰীৰ শাক-পাচলিৰ পৰাও বঞ্চিত হয়। ইতিমধ্যে কৃষক ৰাইজৰ কে’বাটাও গৰু-ছাগলীৰ লগতে হাঁহ-কুকুৰাৰ ইতিমধ্যে মৃত্যু হৈছে বুলি সদৰী কৰিছে। শীঘ্ৰে ইয়াৰ ব্যৱস্থা গ্রহণ নকৰিলে দুর্ঘটনাৰ সম্ভাৱনা আছে বুলি ৰাইজে আশংকা প্রকাশ কৰিছে।
ইফালে, শনিবাৰে তৈল পদার্থ নির্গমনৰ ঘটনা সন্দর্ভত অ’এনজিচিয়ে এক বিবৃতিযোগে সদৰী কৰা মতে, শিৱসাগৰৰ ৰুদ্রসাগৰৰ জোনাকী নগৰত (জিজিএছ-২ আৰু জিজিএছ-৩, আবডিএছৰ মাজত) ক্ষুদ্র ভাসমান তেলৰ স’তে কম পৰিমাণে তৈলমিশ্রিত পানী নিগৰিত হোৱা পৰিলক্ষিত হৈছে। তথ্য লাভ কৰাৰ লগে লগে অসম এছেটৰ পৰা অ’এনজিচিৰ দলটোৱে তৎক্ষণাত সেই স্থানত উপস্থিত হৈ তাৎক্ষণিক ব্যৱস্থা গ্রহণ কৰিছে বুলি সদৰী কৰে।
লগতে ইয়াৰ মেৰামতিৰ কাম চলি আছে আৰু প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা গ্রহণ কৰা হৈছে। জনসাধাৰণৰ সুৰক্ষা বা পৰিৱেশৰ প্ৰতি কোনো ভাবুকি নাই বুলি তেওঁলোকে নিশ্চয়তা প্রদান কৰিছে। জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰা আৰু নিৰাপদ তথা দায়িত্বশীল কার্যকলাপ বজাই ৰখাৰ বাবে অ’এনজিচি প্রতিশ্রুতিবদ্ধ বুলি উল্লেখ কৰিছে।






























