Tamulpur:তীব্ৰ খৰাং দহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত

তামুলপুৰৰ তীব্ৰ খৰাঙৰ ফলত পথাৰত মেলিছে চিৰাল ফাঁট,শ শ বিঘা কৃষি ভূমি পৰিছে ছন

siral 1

Tamulpur:

তীব্ৰ খৰাঙে দহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে তীব্ৰ খৰাঙে দহিছে তামুলপুৰ বিভিন্ন অঞ্চল ৷ ভূই ৰোৱাৰ ভৰপক সময়তে আহাৰ মাহৰ শেষটো বৰষুণৰ অভাৱত পথাৰত মেলিছে শ শ বিঘা কৃষি ভূমিত মেলিছে চিৰাল ফাঁট ৷ ফলত কৃষি ভূমি পৰিছে ছন ৷

একমাত্ৰ পানীৰ অভাৱত কৃষকে পথাৰত বব পৰা নাই হাল । ইপিনে পাৰি থোৱা কঠীয়াই পানীৰ অভাৱক ৰঙা হৈ জলি পুৰি মৰহি গৈছে ৷ এজাক বৰষুণৰ আশাত ট্ৰেক্টৰেৰে চহাইছে ছন পৰা মাটি ৷ সঠিক সময়ত কঠিয়া ৰুব নোৱাৰি তামুলপুৰৰ কৃষক ৰাইজে মূৰে কপালে হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ জলসিঞ্চনৰ ব্যৱস্থা নথকা একমাত্ৰ বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰশীল তামুলপুৰৰ কৃষকে কঠিয়া ৰুৱ নোৱাৰাত কি দৰে পৰিয়াল পোহ পাল দিব তাকে ভাৱি ভাঙি পৰিছে চহা কৃষক সকল ৷

Exit mobile version