ইণ্ডোনেছিয়াৰ তানিম্বাৰ দ্বীপপুঞ্জত ৭ প্ৰাবল্যৰ প্ৰবল ভূমিকম্প

1752476882 earthquake

Earthquake: ✒️ভূমিকম্পত কঁপি উঠিল ইণ্ডোনেছিয়াৰ তানিম্বাৰ দ্বীপপুঞ্জ। সোমবাৰে পুৱা দ্বীপপুঞ্জৰ এক বিস্তৃত অঞ্চলত ভূমিকম্পৰ কঁপনি অনুভৱ হয়। ভাৰতৰ ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই জনোৱা মতে, ভূমিকম্পৰ প্ৰাবল্য ৬.৫।

কিন্তু জাৰ্মান ভূমিকম্প বিজ্ঞান সংস্থাটোৱে দাবী কৰিছে যে এই কম্পনৰ মাত্ৰা অধিক আছিল। তেওঁলোকৰ মতে, তানিম্বাৰ দ্বীপপুঞ্জত এই ভূমিকম্পৰ জোখ ৬.৮ ৰিখটাৰ স্কেলত।

অৱশ্যে মধ্য সাগৰীয় ভূমিকম্পৰ বাবে এতিয়াও কোনো ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হোৱা নাই।

সোমবাৰে পুৱা ১১:২০ বজাত হয় এই ভূমিকম্প। ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ তলত আছিল এই কম্পনৰ কেন্দ্ৰবিন্দু। ভূমিকম্পৰ পাছত প্ৰাৰম্ভিক ক্ষয়-ক্ষতিৰ কোনো খবৰ পোৱা নগ’ল।

আমেৰিকাৰ ভূমিকম্পবিজ্ঞান সংস্থা ইউনাইটেড ষ্টেটছ জিঅ’লজিকেল চাৰ্ভেই (ইউ এছ জি এছৰ )মতে, ইণ্ডোনেছিয়াৰ কেইই দ্বীপপুঞ্জত টুয়ালৰ পৰা ১৭৯ কিলোমিটাৰ পশ্চিম-দক্ষিণ-পশ্চিমে ভূমিকম্পৰ সৃষ্টি হয়।

Exit mobile version