Hacker: ✒️এইবাৰ হেকাৰৰ কৱলত পৰিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা ৱেবছাইট। বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্রন্থাগাৰে ব্যৱহাৰ কৰা এটা ৱেবছাইট দেওবাৰৰ দিনটোৰ পৰা হেকাৰৰ কৱলত পৰে আৰু অৱশ্যে ৱেবছাইটটো মঙলবাৰে মুক্ত কৰিবলৈ সক্ষম হয়।
ঘটনা বৰ্ণনা কৰি বিশ্ববিদ্যালয়খনৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰ কতৃপক্ষই কয় যে তেওঁলোকে ‘ইনফিট’ নামৰ এটা ৰিৰ্ম’ট লগিং ছিষ্টেম ব্যৱহাৰ কৰিছিল আৰু এইটো যেতিয়া কোনোবাই লগ ইন কৰিবলৈ বিচাৰে, তেতিয়া কাশ্মীৰ আৰু পাকিস্তানৰ সমৰ্থনত আপত্তিজনক কিছু বার্তা ওলায়।
এই দিশ পোহৰলৈ অহাৰ পাছতে এই ৱেবছাইটটো যাৰ দ্বাৰা পৰিচালিত হয় আহমেদাবাদৰ ইণ্ডিয়ান এচেছ মেনেজমেন্ট ফেডাৰেছনৰ লগত যোগাযোগ কৰা হয়। ইয়াৰ পাছতে তেওঁলোকে এই সমস্যা সমাধান কৰে।
এয়া কেৱল গুৱাহাটী বিশ্ববিদ্যালয়তে নহয়, দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ত মঙলবাৰে সংঘটিত হৈছিল বুলি কর্তৃপক্ষই সদৰী কৰে। উল্লেখ্য যে এই হেকাৰ চক্ৰটো পাকিস্তানৰ পৰা নিয়ন্ত্ৰিত কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে যদিও এয়া এতিয়াও স্পষ্ট হোৱা নাই।
আনহাতে, ৱেবছাইটটো হেকাৰ চক্ৰটোৰ কৱলত থকাৰ সময়ছোৱাত লগ ইন কৰিলে ‘পাকিস্তান জিন্দাবাদ’ লিখা এটা বিশেষ প’ষ্ট ফুটি উঠিছিল। য’ত লগতে লিখা আছিল ‘দুধ মাংগ’গে তু খীৰ দুংগা, কাশ্মীৰ মাংগ’গে তু ছিৰ দুংগা’।






























