CM Pressmeet:
ৰাজ্যত শেহতীয়াকৈ বেদখলকৃত ভূমিত উচ্ছেদৰ সন্দৰ্ভত মঙলবাৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই দিছপুৰস্থ লোকসেৱা ভৱনত এক সংবাদমেল সম্বোধন কৰি কেতবোৰ তথ্য দাঙি ধৰে৷
মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, বিগত ২০২১ৰ পৰা ২০২৫ৰ এই চাৰিটা বৰ্ষত ৰাজ্য চৰকাৰে বেদখলকাৰীৰ পৰা মুক্ত কৰা মুঠ ভূমিৰ পৰিমাণ ১,১৯,৫৪৮ বিঘা। বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত ৮৪ ৭৪৩বিঘা ভূমি বেদখলমুক্ত কৰা হ’ল |
আনহাতে শেহতীয়া উচ্ছেদৰ পিছত জিলা অনুযায়ী বেদখলমুক্ত ভূমিৰ পৰিমাণ এনেধৰণৰ ৷ গোৱালপাৰা ৮,২৮০, বিঘা ,শোনিতপুৰ ৩৪,৫২৭ , বিঘা,লখিমপুৰ ১৩,৪৮১ বিঘা ,হোজাইত ১০,৭৪৯ বিঘা,বৰপেটা ১ ,৫২৬ বিঘা ,ধুবুৰীত ৪,৭৪৮ বিঘা ৷
আনহাতে মধ্য অসমৰ নগাঁও আৰু নামনি অসমৰ শালমৰা সহ কেতবোৰ জিলাৰ পৰা বহু সংখ্যক লোক লখিমপুৰ ,গোলাঘাটৰ উৰিয়ামঘাট,লখিমপুৰৰ সংৰক্ষিত বনাঞ্চল আৰু চৰকাৰী ভূমি দখল কৰি আছে ৷ যাৰবাবে শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে গোলাঘাট ভ্ৰমণৰ সময়ত উৰিয়ামঘাটলৈ যাওঁতে তাৰ টাইপা সংগঠনে উচ্ছেদৰ বাবে মুখ্যমন্ত্ৰীৰ হাতত স্মাৰকপত্ৰ দিয়াৰ কথা সদৰি কৰে ৷
মুখ্যমন্ত্ৰীয়ে আৰু কয়,এনেদৰে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা যোৱা লোক সকলে সংশ্লিষ্ট অঞ্চলৰ জনগাঁথনি সলনি কৰাৰ আশংকা কৰিছে খিলঞ্জীয়া ৰাইজে ৷ একেদৰে বৰপেটা সহ বিভিন্ন অঞ্চলত থকা সত্ৰৰ ভূমিও বেদখলকাৰীৰ পৰা উচ্ছেদ কৰি উদ্ধাৰ কৰা হৈছে ৷এনে বেদখলমুক্ত ভূমিৰ সংখ্যা ৪,৪৪৯ বিঘা ভূমি ৷
আনহাতে ৰাজ্যৰ বহু সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ গছ- গছনি কাটি তহিলং কৰি তাত ঘৰ- দুৱাৰ বনাই বসবাস কৰি আহিছে একাংশ লোকে ৷ যাৰবাবে বিভিন্ন সময়ত ৰাইজে দিয়া অভিযোগৰ ভিত্তিত পাইকান সংৰক্ষিত বনাঞ্চল সহ আন কে’বাটাও বনাঞ্চল এলেকাত উচ্ছেদ কৰি ইতিমধ্যে বেদখলমুক্ত কৰা হৈছে ২৬,১১৩ বিঘা ভূমি ৷
মুখ্যমন্ত্ৰীয়ে আন কেতবোৰ তথ্যৰ আঁত ধৰি কয়,বেদখলমুক্ত সংৰক্ষিত বনাঞ্চললৈ ইতিমধ্যে ঘূৰি আহিছে বন্যহস্তী ৷ লামডিঙৰ সংৰক্ষিত বনাঞ্চলত ২০২১ত উচ্ছেদ কৰাৰ পিছত তালৈ উভতি আহিছে হস্তীকুল।






























