Krishnai Police Firing:
গোৱালপাৰাৰ কৃষ্ণাইৰ পাইকান বনাঞ্চলত আজি পুৱাতে সংঘটিত এক ভয়ংকৰ পৰিস্থিতি ৷ একাংশ উচ্ছেদিতই আৰক্ষীলৈ লক্ষ্য কৰি ধাৰাষাৰ শিলাবৰ্ষন কৰে ৷ যাৰবাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰথমে শূন্যলৈ গুলীচালনা কৰে যদিও উচ্ছেদিতই পিছ হুহুঁকি নোযোৱাত আৰক্ষীয়ে গুলীচালনা কৰাত থিতাতে নিহত হয় ছাকোৱাৰ আলি নামৰ ১৯ বছৰীয়া এজন যুৱক৷
আনহাতে গুলীচালনাত আহত আমিৰ হামজা আৰু কচুমুদ্দিন আলি নামৰ দুই যুৱক ৷ দুয়োকে উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় জিএমচিএইছলৈ ৷ বৰ্তমানতে চেপা উত্তেজনা অব্যাহত আছে পাইকানত ৷
উল্লেখ্য যে,আৰক্ষীৰ ওপৰত উচ্ছেদিতই কৰা শিলাবৰ্ষনত আহত হয় ১৫ আৰক্ষী ৷ ইতিমধ্যে আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
মনকৰিবলগীয়া যে,পাইকান বনাঞ্চলত ১২ জুলাইত জিলা প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান ৷ উচ্ছেদ কৰি যোৱাৰ পিছত একাংশ উচ্ছেদিতই পুনৰ তাত তম্বু সাজি বসবাস কৰি আছিল ৷
বৃহস্পতিবাৰে পুনৰ প্ৰশাসনে উচ্ছেদিতক তম্বু সমূহ ভাঙিবলৈ যাওতেই একাংশ লোকে প্ৰশাসনৰ লোক আৰু আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হয় আৰু নিৰ্বিচাৰ শিলাবৰ্ষন কৰে ৷






























