Sootea: Incident:
চতিয়া ৰেলৱে ষ্টেচনত অঘটন ৷ বুধবাৰে সন্ধিয়াভাগত এজন কিশোৰে ৰৈ থকা মালগাড়ীত উঠি ৰিল বনাবলৈ চেষ্টা কৰাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়। প্রাপ্ত খবৰ মতে, পটিয়া গাঁৱৰ নৱম শ্ৰেণীত অধ্যয়নৰত প্ৰবাল বৰা নামৰ ছাত্ৰজনে ষ্টেছনত ৰৈ থকা মালগাড়ীৰ এটা দবাত উঠি ৰিল বনাবলৈ চেষ্টা কৰাৰ সময়তে ৰেল পৰিবহণৰ বাবে স্থাপন কৰা উচ্চবিদুৎ পৰিবাহী তাঁৰৰ স্পৰ্শলৈ আহে।
তাঁৰৰ স্পৰ্শলৈ অহাৰ লগে লগে ছাত্রজন বিদ্যুৎস্পৃষ্ট হৈ দবাৰ পৰা সৰি পৰে। গুৰুতৰভাৱে আহত ছাত্রজনক এখন ব্যক্তিগত এম্বুলেন্সযোগে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ নিয়া হয়। ছাত্ৰজনৰ আঘাত গুৰুতৰ হোৱাত চিকিৎসকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।






























