Cm Pressmeet :
শুকুৰবাৰে দিছপুৰস্থ লোকসেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট ৷ কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে সংবাদমেল ৷ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কেবিনেটত লোৱা কেতবোৰ সিদ্ধান্ত সদৰি কৰি কয়, ডিব্ৰুগড়স্থ আৱাসিক অসম মেডিকেল কলেজ হাস্পতালত স্থাপন হ’ব ‘আৱাসিক এলেকা’ | ৩৫৭ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’ব প্রকল্প ৷ একেদৰে ৩১ জুলাইত সম্পূর্ণ হ’ব মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণ ৷ এই তৃতীয় সংস্কৰণত ৪ হাজাৰৰো অধিক অনুষ্ঠানৰ ভূমিপট্টাত অনুমোদন জনায় কেবিনেটে ৷
মেদান্ত হাস্পতাললৈ প্ৰদান কৰা হ’ব সৰুসজাই ষ্টেডয়ামৰ ওচৰত থকা ভূমি। এই স্থানতে নিৰ্মাণ হ’ব পাঁচতাৰকাযুক্ত অত্যাধুনিক হোটেল ৷ য’ত অসমৰ ২৭০০ যুৱক-যুৱতীয়ে লাভ কৰিব নিযুক্তি ৷ ৭ লাখ চাহ শ্রমিকে লাভ কৰিব ৫ হাজাৰ টকাকৈ ৷ ইয়াৰ বাবে ৩৪২ কোটি টকা আৱণ্টন ৷ চাহ উদ্যোগৰ দুশ বছৰ উপলক্ষে এই সিদ্ধান্ত লয় কেবিনেটে ৷ আনহাতে কেবিনেটে দিব্যাংগসকলৰ সুবিধা হোৱাকৈ বিশ্ববিদ্যালয়ত অন্তর্ভুক্ত কৰিব পাঠ্যক্রম ৷ একেদৰে ছয়গাঁৱৰ বনগাঁৱত স্থাপন হ’ব নতুন বিশ্ববিদ্যালয় ৷ ইয়াৰ বাবে ইতিমধ্যেই চৰকাৰে আবণ্টন দিছে প্রয়োজনীয় ভূমি ৷
আনহাতে পাইকানত উচ্ছেদ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, গোৱালপাৰাত ইতিমধ্যে সম্পন্ন হোৱা উচ্ছেদ অভিযান পিছত বৃহস্পতিবাৰে একাংশ উচ্ছেদিতই আৰক্ষী আৰু বনকৰ্মীক আক্ৰমণ কৰাৰ সংঘটিত ঘটনাৰ বাবে দায়ী ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গে ৷
পাইকানত উচ্ছেদ কৰাৰ পাছদিনা ছয়গাঁৱত অনুষ্ঠিত কংগ্ৰেছ সভাত ৰাহুল গান্ধী আৰু খৰ্গে উপস্থিত হৈ উচ্ছেদিতক একপ্ৰকাৰ উচতনিমূলক বক্তব্য ৰখাৰ বাবেই বৃহস্পতিবাৰে আৰক্ষী- বনকৰ্মীক আক্ৰমণ কৰে আৰু তাৰ পৰৱৰ্তী সময়ত প্ৰাণৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় ৷এনে ধৰণৰ বাবে দায়ী গান্ধী আৰু খৰ্গে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে ৷ এই সন্দৰ্ভত সমগ্ৰ বিষয়টো আৰক্ষীয়ে পৰীক্ষা কৰিছে ৷প্ৰয়োজন হ’লে কংগ্ৰেছৰ দুই শীৰ্ষ নেতাক আইনৰ আওতাত অনা হ’ব পাৰে।
আনহাতে মুখ্যমন্ত্ৰীয়ে কয় যে,গোলাঘাটৰ উৰিয়াঘাটত সংৰক্ষিত বনাঞ্চলত হোৱা বেদখলত অচিৰেই হ’ব ব্যাপক উচ্ছেদ অভিযান ৷ কিয়নো গোলাঘাটৰ উৰিয়াঘাটৰ সংৰক্ষিত বনাঞ্চলৰ শ শ বিঘা মাটি ধিং- লাহৰিঘাটৰ পৰা যোৱা কিছু সংখ্যক লোকে দখল কৰি ঘৰ- বাৰি বনোৱাৰ লগতে বৃহৎ তামোলৰ বাগিছা স্থাপন কৰিছে ৷ আনকি তেওঁলোকে বাৰ্মিজ তামোল আনি থলুৱা তামোলৰ স’তে একাকাৰ কৰি এক এক চোৰাং কাৰবাৰ অব্যাহত ৰাখিছে ৷ উৰিয়ামঘাটত একো একোজন লোকে ৫০০-৬০০ বিঘা মাটি দখল কৰি থৈছে |
সংবাদমেলত উৰিয়ামঘাটত বেদখলকাৰীয়ে গঢ়ি তোলা তামোলৰ বাগিচাৰ ভিডিঅ দৃশ্যাংশ সাংবাদিকৰ সন্মুখত প্ৰদৰ্শন কৰা হয় ৷ মুখ্যমন্ত্ৰীৰ স্পষ্ট কৰি দিয়ে যে বনাঞ্চল ধ্বংস কৰা বেদখলকাৰীক ৰেহাই দিয়া নহ’ব। বেদখলকাৰী বিৰুদ্ধে চৰকাৰৰ অভিযান অব্যাহত থাকিব ৷






























