GST Raid in Hojai:
উত্তৰ-পূবৰ অগৰু ব্যৱসায়ৰ অন্যতম কেন্দ্ৰবিন্দু হোজাইত শেহতীয়াকৈ একাংশ ব্যৱসায়ীয়ে অগৰু ব্যৱসায়ৰ ক্ষেত্ৰত চৰকাৰক ফাঁকি দি আহিছে জিএছটি ৷ জিএছটি কৰ ফাঁকি দিয়া অগৰু ব্যৱসায়ী বিৰুদ্ধে তৎপৰ হৈ পৰিছে জিএছটি বিভাগে ৷ একেদৰে তৎপৰ হৈছে বন বিভাগ | শুকুৰবাৰে হোজাইৰ ইছলাম নগৰত জিএছটি- বন বিভাগৰ যৌথ অভিযানত জব্দ হয় বুজন পৰিমাণৰ অগৰু। দেৰগাঁৱৰ নাহৰণিৰ পৰা ইছলাম নগৰলৈ কৰ ফাঁকিৰে সৰবৰাহ কৰা হৈছিল অগৰুখিনি ৷ জব্দকৃত অগৰুখিনিৰ আনুমানিক বজাৰ মূল্য হ’ব প্রায় ৬ কোটি টকা।
ADVERTISEMENT






























