GST Evasion:
সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) ফাকিৰে ৰাজ্যৰ ৰাজকোষত মাধমাৰ শোধাইছে একাংশ ব্যৱসায়ী, বৃহৎ ঠিকাদাৰ, ব্যৱসায়িক প্রতিষ্ঠান আৰু উদ্যোগ প্রতিষ্ঠানে। ভুৱা ৰছিদবে শ শ কোটি টকা ফাকি দিছে এইসকলে। গুৰুতৰ বিষয়টো হ’ল যে ফাকি দিয়া কৰৰ ধনৰ বৃহৎ অংশটো লুটি নিছে ৰাজ্যৰ বাহিৰ এনে দুষ্টচক্রই। অসমৰ কৰ বিভাগে এই কথা নিশ্চিত কৰিছে। ইয়াৰ বিৰুদ্ধে চলাই থকা অভিযানৰ মাজতে পুনৰ কৰ ফাকিৰ নতুন নতুন তথ্য পোহৰলৈ আহিছে।
ৰাজ্যিক জিএছটিয়ে অসমৰ কে’বাখনো জিলাত সম্প্রতি অভিযান অব্যাহত ৰাখিছে। মূলতঃ বৃহৎ ঠিকাদাৰৰ বিৰুদ্ধে চলিছে এই অভিযান। এই অভিযানত এশ কোটিৰো অধিক টকা ৰাজ্যিক জিএছটি ফাকি দিয়াৰ তথ্য উন্মোচিত হৈছে ৷ ফাকি দিয়া কৰৰ এই পৰিমাণৰ বিপৰীতে মূলধনৰ পৰিমাণ প্রায় ৯০০ কোটি টকা।
কৰ বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি, কৰ ফাকিৰ পৰিমাণ এটা নামমাত্র অংশহে। অভিযান চলাবলৈ এতিয়াও বহু বাকী আছে। জিএছটি ফাকি দিবলৈ দুষ্টচক্রই নানান কৌশলৰে তৎপৰ হৈ আহিছে। গতিকে তেনে ধৰণৰ কৌশলবোৰ এতিয়াও সম্পূৰ্ণৰূপে ফাদিল হোৱা নাই। এই পর্যন্ত জিলাই জিলাই যি অভিযান চলিছে তাৰ জৰিয়তে তেনে কৌশলৰ বহু দিশ উন্মোচিত হৈছে আৰু কৰ বিভাগেও সেই ধৰণে অনুসন্ধান আগবঢ়াইছে।
উল্লেখ্য যে ৰাজ্যিক জিএছটি বিভাগে শিলচৰ, কৰিমগঞ্জ, গুৱাহাটী, শোণিতপুৰ, বিশ্বনাথ, তিনিচুকীয়া, শিৱসাগৰ, বৰপেটা, গোৱালপাৰা, ওদালগুৰি আদি জিলাত এতিয়ালৈকে অভিযান চলাইছে। এই অভিযানত কৰ ফাকিৰ বাবে কাম কৰা নতুন নতুন ফাৰ্মৰ তথ্যও লাভ কৰিছে। জিএছটি বিভাগত পঞ্জীয়ন থকা এনে ফাৰ্মবোৰে ভুৱা ৰছিদৰ জৰিয়তে সামগ্ৰী ক্রয়-বিক্রয়ৰ প্ৰকৃত তথ্য গাপ দি আহিছে। ক্রয়-বিক্রয়ৰ পৰিমাণ কমকৈ দেখুওৱাৰ বাবে পৰিশোধ কৰিবলগীয়া জিএছটিৰ পৰিমাণো কম হয়। এনেদৰে জিএছটিৰ এটা বৃহৎ অংশ ফাকি দিয়া হয়।
ৰাজ্যিক জিএছটি বিভাগৰ তথ্য অনুসৰি, কৰ ফাকি দিয়া কাম কৰি অহা ফাৰ্মৰ সংখ্যা এতিয়ালৈকে ৩৫২ খনলৈ বৃদ্ধি হৈছে। এনে কে’বাখনো ফাৰ্মৰ তথ্য উদ্ধাৰ হৈছে আৰু সেইবোৰৰ অনুসন্ধান চলাই থকা হৈছে। প্রসংগক্রমে সূত্ৰত প্রকাশ যে কৰ ফাকিৰ এই বৃহৎ চক্ৰটোত বহিঃৰাজ্যৰ লোকেই প্রধানকৈ জড়িত হৈ আছে। সেইবাবে অসমত ফাকি কৰৰ পৰিমাণৰ বৃহৎ অংশটো বহিঃৰাজ্যৰ চক্ৰই লুটি নিবলৈ সক্ষম হৈছে। যোৱা মে’লৈ জিএছটি ফাকি দিয়া ১৪শ কোটি টকাৰ ১২শ কোটিয়েই অসমৰ বাহিৰলৈ যায়।
অর্থাৎ অসমত ফাকি দিয়া কৰৰ এই বৃহৎ অংশই বহিঃৰাজ্যৰ চক্ৰই লুটি নিয়ে। সম্প্রতি চলি থকা অভিযানৰ ভিত্তিত লুটি নিয়া কৰৰ পৰিমাণ আৰু অধিক বৃদ্ধি হ’ব বুলি অসমৰ কৰ বিভাগ নিশ্চিত হৈছে। এনেদৰে শ শ কোটি টকা দুষ্টচক্রই লুটি নিবলৈ সক্ষম হোৱাৰ অন্তৰালত অসমৰো চৰকাৰী খণ্ড তথা কৰ বিভাগৰ কোনো দুষ্টচক্ৰৰ সহায়ৰ হাত আছে নেকি? ইয়াৰ তদন্তও সম্প্রতি কৰ বিভাগত চলিছে। অসমৰ দৰে অৰ্থনৈতিকভাৱে পিছপৰা ৰাজ্য এখনত কৰ ফাকিৰ এনে প্রকোপে ৰাজকোষত প্রচণ্ডভাৱে শোধাইছে মাধমাৰ।






























