Hindu Yuba-Chattra Parishad Protest:
চৰকাৰে আৱন্টন দিয়া সত্ৰৰ মাটিত সত্ৰীয়া পৰিপন্থী খাদ্য ব্যৱসায়েৰে জৰাবাৰী সত্ৰ চলাইছে স্বয়ম্ভু সত্ৰাধিকাৰ লক্ষীকান্ত ডেকাই।
শুকুৰবাৰে বেতকুচিস্থিত শ্ৰীশ্ৰী জৰাবাৰী শাখা সত্ৰৰ সন্মুখত হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসম আৰু শ্ৰীশ্ৰী জৰাবাৰী শাখা সত্ৰ পুনৰুদ্ধাৰ সমিতিৰ যৌথ উদ্যোগত সংগঠনটোৰ শতাধিক সদস্য আৰু ভকত বৈষ্ণৱক লৈ প্ৰতিবাদী ধর্ণা কাৰ্যসূচীৰে বিষয়টো বিৰুদ্ধাচৰণ কৰি প্ৰেছ বিবৃতিৰ জৰিয়তে সংগঠনটোৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি মাধৱ দাস আৰু সাধাৰণ সম্পাদক অংশুমান শর্মাই জানিবলৈ দিয়ে যে মহাপুৰুষ গুৰুজনাৰ ধৰ্মীয় আর্দশৰে পৰিচালিত এই শাখা সত্ৰখনত বিগত সময় ধৰি ব্যাপক অনিয়ম সংঘটিত হৈ আহিছিল। ৰাইজে বিষয়টো পৰিষদক দৃষ্টিগোচৰ কৰাই দিয়াৰে পৰা পৰিষদে সংশ্লিষ্ট কর্তৃপক্ষকে ধৰি জিলা আযুক্ত আৰু শেষত মুখ্যমন্ত্রীলৈ স্মাৰক পত্ৰৰ জৰিয়তে বিষয়টো তদন্ত কৰি ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছিল।
কিন্তু পৰিতাপৰ কথা এই যে আজিকোপতি প্রশাসনে বিষয়টো একো ব্যৱস্থা গ্রহণ নকৰিলে। প্ৰেছ বিবৃতি খনত দাস আৰু শৰ্মাই অনিয়ম চলা প্ৰসংগত কয় যে সত্ৰখনৰ প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ পোনাৰাম বাপৰ ৰহস্যজনক মৃত্যুৰ পাছত সত্ৰাধিকাৰ বাপৰ সেই সময়ৰ আলপৈচান ধৰোতা লক্ষ্মীকান্ত ডেকাই নিজকে সত্ৰাধিকাৰ বুলি দাবী কৰি নিজা ভনী-জোঁৱায়েকৰ পৰিয়ালটোক সত্ৰখনতে স্থায়ীভাবে বসবাস কৰিবলৈ দি উদাসীন সত্ৰখনৰ উদাসীন চৰিত্ৰটোক বিনষ্ট কৰা লগতে পৰিৱেশটোও কলুষিত কৰিছে বুলি জানিবলৈ দিয়ে।
ব্যৱসায়িক গোষ্ঠীক সত্ৰৰ ভূমি হস্তান্তৰ কৰি সত্ৰৰ চৌহদত “অঘা” নামৰ এখন ৰেষ্টুৰেন্টত সত্ৰীয়া পৰম্পৰাৰ পৰিপন্থী খাদ্য মাছ-মাংস চলাবলৈ দি ব্যৱসায় চলোৱাৰ লগতে অসম চৰকাৰৰ “অসম দর্শন” আচনিৰ অধীনত পোৱা অতিথিশালা আৰু ৰাইজৰ দান-বৰঙনিৰে নিৰ্মান কৰা দিয়া ভকত বহা কেইটাও ব্যৱসায়ীৰ গুদাম ঘৰলৈ পৰিণত কৰা সমান্তৰালকৈ ভক্ত-দর্শনাৰ্থীৰ বাবে সত্ৰৰ দোৱাৰ বন্ধ কৰি সত্ৰখনৰ সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশ বিনষ্ট কৰিছে এইজনা সত্ৰাধিকাৰে। বিবৃতিখনত দাস আৰু শৰ্মাই অন্যহাতে কয় ইয়াত উদ্বেগজনক কথা হল যে স্বয়ম্ভু সত্ৰাধিকাৰ, ভনী-জোঁৱায়েকৰ পৰিয়ালটোৰ বাদেও অসম সত্র আয়োগৰ অধ্যক্ষ তথা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নিজা ভটিজাক জনাৰ্দ্দন হাজৰিকা আৰু অভিনন্দন হাজৰিকা উক্ত ৰেষ্টুৰেন্টখনৰ স্বত্তাধিকাৰী বুলি প্রমাণ পোৱা গৈছে।
যিটো সময়ত চৰকাৰে নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ কথা চিন্তা নকৰি সত্ৰ-দেৱালয়ৰ ভূমি বেদখল মুক্ত কৰণৰ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ঠিক একে সময়তে এজন স্বয়ম্ভু সত্ৰাধিকাৰ তথা চৰকাৰী ক্ষমতাত বলীয়ান হোৱা হাজৰিকা ভাতৃদ্বয়ে চলোৱা ব্যৱসায়ৰ উচ্চ পৰ্য্যায়ৰ তদন্ত কৰি দোষীক দৃষ্টান্ত-মূলক শাস্তি প্রদান কৰি সত্ৰৰ পৱিত্ৰতা বৰ্তাই ৰখাৰ স্বাৰ্থত আজিৰ কাৰ্য্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক এখন স্মাৰক পত্ৰ জৰিয়তে দাবী জনায়।
কাৰ্য্যসূচীত হিন্দু যুৱ-ছাত্র পৰিষদ, অসমৰ মুখ্য উপদেষ্টা বলেন বৈশ্য, কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি মাধৱ দাস, সাধাৰণ সম্পাদক অংশুমান শর্মা, সাংগাঠনিক সম্পাদক ৰূপম দাস, কার্যনির্বাহক সদস্য বিটুমণি গগৈ সহিতে গুৱাহাটী মহানগৰ সমিতিৰ কাৰ্য্যাকর্তা, টিংকু কলিতা, ধ্রুবজ্যোতি দাস, সুদর্শন বৈশ্য, দ্বীপজ্যোতি দাস, হিন্দুৰাষ্ট্ৰ দাবী সমিতিৰ সাংগঠনিক সম্পাদক বিষ্ণু নাথ দত্ত, শ্ৰীশ্ৰী জৰাবাৰী শাখা সত্ৰ পুনৰুদ্ধাৰ সমিতিৰ সভানেত্রী পদ্মিনী মালাকাৰ সহ শতাধিক সদস্যই অংশগ্ৰহণ কৰে।






























