Nalbari Theft :
নিশাৰ অন্ধকাৰৰ সুযোগ লৈ নলবাৰী খাটিকুছি অঞ্চলৰ দুটাকৈ নামঘৰত চুৰি কাৰ্য সংঘটিত কৰা চোৰ কৰায়ত্ব হ’ল ৰাইজৰ হাতত।
চোৰটোৱে খাতিকুছিৰ দেৱদামোদৰ নামঘৰৰ পৰা এযোৰ কাহৰ বাটি, দানপাত্ৰৰ টকা আৰু মুল্যবান সামগ্ৰী চুৰি কৰি নিয়ে। আনহাতে, ভদ্ৰবংগালৰ শ্ৰী শ্ৰী বংশীগোপাল নামঘৰৰ পৰা মাইক চুৰি কৰি নিয়ে। আনহাতে, ৰাইজে নিশাৰ ভাগতেই চোৰটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। একেদৰে, ঘগ্ৰাপাৰ আৰক্ষী থানাত চোৰটোক ৰাইজে গতাই দিয়ে।
ADVERTISEMENT






























