Dhubri Innovative Protest:
অসহায় পৰিছে এজন যুৱক ৷ চোৰ সজোৱাক লৈ ন্যায় বিচাৰি অৱশেষত হাতত প্লে কাৰ্ড লৈ মুখ্যমন্ত্ৰী লৈ ন্যায় বিচাৰি প্ৰতিবাদ এজন যুৱকৰ৷ প্ৰখৰ ৰ’দকো নেওচি শনিবাৰে ধুবুৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ পথৰ দাঁতিত বহি প্ৰতিবাদ যুৱকজনৰ ৷
উল্লেখযোগ্য , দুদিন পুৰ্বে আমবাগান অঞ্চলত চুৰি কাণ্ড হয় সেই চুৰি কাণ্ডৰ লগত জবৰদস্তি ৰাকেশ দাস নামৰ যুৱকজনক চোৰ সজোৱাৰ লগতে চুৰি হোৱা একলাখ টকা আৰু এটা ইনভাৰ্টাৰ ঘুৰাই দিয়া বুলি কৈ মাৰধৰ কৰে ৷ স্থানীয় আৰক্ষী চকীত নিৰাপত্তা বিচাৰি যোৱা যুৱকজনৰ পৰা এজাহাৰ গ্ৰহণ নকৰাৰ অভিযোগ ৷
তাৰ পাছতে শনিবাৰে চোৰ নহয় বুলি নিজকে প্ৰমাণিত কৰিবলৈ আজি এইদৰে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে যুবকজনে । অৱশ্যে প্ৰতিবাস্থলীত আৰক্ষীৰ এটি দলে যুৱকজনক মাতি ধুবুৰী সদৰ থানালৈ নি যুৱকজনৰ এজাহাৰ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ।






























