British F-35B Fighter Jet:✒️অৱশেষত কেৰালা এৰিলে ব্ৰিটিছ ৰয়েল নেভিৰ এফ-৩৫ যুঁজাৰু বিমানখন। পাঁচ সপ্তাহ পূৰ্বে কেৰালাৰ তিৰুৱনন্তপুৰম বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰাৰ পাছৰে পৰা বিমানখন তাতে আছিল।
২২ দিন ৰাণৱেত থকাৰ পাছত পঞ্চম প্ৰজন্মৰ যুঁজাৰু বিমানখন ব্ৰিটিছ অভিযন্তাৰ দ্বাৰা পৰিদৰ্শন কৰি হেংগাৰলৈ লৈ যোৱা হয়। তাৰ পিছৰে পৰা যুদ্ধ বিমানখন ঘূৰাই অনাৰ কথা বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। অৱশেষত আজি পুৱা যুদ্ধ বিমানখনৰ কেৰালাৰ পৰা উৰা মাৰে ।
সোমবাৰে যুদ্ধ বিমানখন উৰণৰ বাবে সেউজ সংকেত দিলে ব্ৰিটিছ অভিযন্তাসকলে। ইয়াৰ পাছতে মঙলবাৰে পুৱা যুদ্ধ বিমানখনে ব্ৰিটেইন অভিমুখে উৰা মাৰিলে।
শেহতীয়াকৈ ভাৰত মহাসাগৰ অঞ্চলত এইচ এম এছ প্ৰিন্স অৱ ৱেলছৰ এক যৌথ অনুশীলনত যোগদান কৰিছিল।
তাৰ অংশ হিচাপে ‘এফ-৩৫বি’ আকাশত উৰিছিল। ১৪ জুনত ভাৰত মহাসাগৰৰ ওপৰেৰে উৰণৰ সময়ত যুদ্ধ বিমানখনৰ হঠাৎ ইন্ধন শেষ হৈ যায়।
ইয়াৰ পাছতে কেৰালাৰ তিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে বিমানখন।
কিন্তু পিছলৈ কথাবোৰ জটিল হ’বলৈ ধৰিলে। তথ্য অনুসৰি ,বিমানখনত কিছু হাইড্ৰলিক সমস্যাৰ সৃষ্টি হয়। তাৰ পাছত বিমানখন ২২ দিনতকৈ অধিক সময় ৰাণৱেত থিয় হৈ আছিল ।
এনে পৰিস্থিতিত ব্ৰিটেইনে যুদ্ধ বিমানখন মেৰামতি কৰিবলৈ ৪০ জনীয়া এটা দল প্ৰেৰণ কৰে। কিন্তু পৰীক্ষাৰ অন্তত দেখা গ’ল যে ভাৰতত মেৰামতি কৰাটো সম্ভৱ নহয়।
কাৰণ বিমানখনৰ হাইড্ৰলিকছৰ কেবাটাও জটিল সমস্যা আছিল।ইয়াৰ পাছত ব্ৰিটেইনে আন এটা অভিযন্তাৰ দল পঠিয়াই দিয়ে। তেঁওলোকে বিমানখন হেংগাৰলৈ লৈ যোৱাৰ সিদ্ধান্ত ল’লে।
ফলত ২২ দিনৰ মূৰত ৰাণৱেৰ পৰা স্থানান্তৰিত কৰি হেংগাৰলৈ লৈ যোৱা হয়। বহু পৰিশ্ৰমৰ অন্তত অৱশেষত মঙলবাৰে কেৰালাৰ পৰা ব্ৰিটিছ ৰয়েল নেভিৰ এফ-৩৫ যুদ্ধ বিমানখনে ৰাওনা হয়।






























