Opposition Leader Debabrata Saikia:✒️সর্বদিশত ব্যর্থতা, সীমাহীন কেলেংকাৰি-অনিয়মৰ বাবে বিজেপি ভয়ত ত্রস্তমান হৈছে আৰু সেইবাবে উচ্ছেদ তথা বিভাজনকামী ৰাজনীতিৰে সহানুভূতি অৰ্জনৰ নিকৃষ্ট কর্মকাণ্ডত লিপ্ত হৈছে।
কালি এক সংবাদমেলত এই মন্তব্য কৰে বিধানসভাৰ কংগ্রেছ বিধায়িনী দল তথা বিৰোধী দলপতি দেবব্রত শইকীয়াই। সোমবাৰে ইয়াৰ ৰাজীৱ ভৱনত এক সংবাদমেলত চৰকাৰৰ উচ্ছেদ নীতিক সমালোচনা কৰি শইকীয়াই এই সম্পৰ্কত কংগ্ৰেছৰ স্থিতিকো দাঙি ধৰে।
শইকীয়াই কয়, ‘আমি আমাৰ স্থিতি পুনৰ স্পষ্ট কৰিব বিচাৰিছো। অসম চুক্তি ৰূপায়ণ হ’ব লাগিব। অবৈধ বাংলাদেশী বহিষ্কাৰ হ’ব লাগে। তেওঁলোকক পুনৰ সংস্থাপন অথবা চৰকাৰী সাহায্য দিব নালাগে। ইয়াৰ বিপৰীতে উচ্ছেদিত ভাৰতীয় নাগৰিকসকলক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন দিবই লাগিব। আমাৰ স্পষ্ট মত। উচ্ছেদিত ভূমি কোনো কাৰণতে পুঁজিপতিৰ হাতলৈ হস্তান্তৰ নকৰি প্ৰকৃতি ৰক্ষা আৰু অসমৰ মানুহৰ বাবে সংৰক্ষণ কৰিব লাগে। উচ্ছেদ হ’ব লাগে আইনী প্রক্রিয়া আৰু মানৱতা ৰক্ষা কৰি। আনহাতে, উচ্ছেদৰ পূৰ্বে তথ্য পুনৰীক্ষণ আৰু পৰ্যালোচনা কৰিব লাগে। ৰায়তী খেতিয়কসকলক তেওঁলোকৰ ভূমি ঘূৰাই দিবই লাগিব। দেখা গৈছে যে আমাৰ এই স্থিতিত বিপৰীত মেৰুত অৱস্থান কৰি চৰকাৰে ধাৰাবাহিক উচ্ছেদ চলাইছে। ১০ বছৰৰ ব্যৰ্থতা ঢাকিবলৈ চৰকাৰে স্পৰ্শকাতৰ বিষয়সমূহত হাত দিছে। ইয়াৰ কাৰণ হ’ল যাতে অসমৰ ৰাইজৰ মনোযোগ আনফাললৈ টানি নিব পাৰি। চৰকাৰে নিয়ম নামানি কৰা উচ্ছেদৰ বাবে কাজিৰঙাত উচ্ছেদিতক ক্ষতিপূৰণ দিবলগীয়া হৈছে। কাজিৰঙাত উচ্ছেদ কৰি মোগলক উচ্ছেদ কৰা বুলি কৈছিল মুখ্যমন্ত্রীয়ে। সেই মোগলকে ক্ষতিপূৰণো দিবলগীয়া হয়।’
এই প্রসংগতে উৰিয়ামঘাটত উচ্ছেদৰ বাবে চৰকাৰে চলোৱা প্ৰস্তুতিৰো শইকীয়াই বিৰোধিতা কৰে। শইকীয়াই অভিযোগ কৰে যে বর্তমান চলি থকা উচ্ছেদবোৰৰ উদ্দেশ্য প্রকৃতি সংৰক্ষণ আৰু অসমৰ জনগণৰ স্বার্থজড়িত নহয়। ইয়াৰ প্ৰকৃত উদ্দেশ্য হ’ল পুঁজিপতিক মাটি হস্তান্তৰ কৰা। এই বুলি মন্তব্য কৰি শইকীয়াই ঘোষণা কৰে যে যদিহে দেশৰ নাগৰিকক উচ্ছেদ কৰি পুঁজিপতিৰ হাতত মাটিবোৰ তুলি দিয়া হয়, তেন্তে ইয়াৰ বিৰুদ্ধে তীব্র জন আন্দোলন গঢ়ি তোলা হ’ব।
প্রসংগক্রমে তেওঁ আন স্থানত নিজৰ ভূমি থাকিও বেদখলী ভূমিত বাস কৰা লোকক নিজৰ স্থানলৈ উভতি যাবলৈ আহ্বান জনায়। শেহতীয়াকৈ চৰকাৰে গোৱালপাৰাৰ পাইকানত কৰা উচ্ছেদ সম্পূর্ণ নীতি বিৰুদ্ধ আছিল বুলি কয়। তেওঁ কয় যে পাইকান বনাঞ্চলত গাঁও পঞ্চায়তৰ চাৰিটাকৈ বার্ড আছে, পাইকানৰ নামত জিলা পৰিষদ আছে, পাইকানত বিদ্যালয়-মহাবিদ্যালয় আছে, জল জীৱন মিছনৰ ব্যৱস্থা আছে।
যদিহে বনাঞ্চল হয়, তেন্তে কেনেকৈ অঞ্চলটোক গাঁও পঞ্চায়ত ঘোষণা কৰা হৈছিল? পাইকানৰ উচ্ছেদিত ভূমিকলৈও বিজেপি চৰকাৰৰ গোপন অভিসন্ধি থকাৰ সন্দেহ ঘনীভূত হৈছে বুলি শইকীয়াই কয়।
এই প্ৰসংগতে উৰিয়ামঘাটক লৈ চৰকাৰৰ শেহতীয়া তৎপৰতাক সমালোচনা কৰি বিৰোধী দলপতিজনে কয়, ‘এই উৰিয়ামঘাট অসম-নগালেণ্ড সীমান্তৰ এ, বি আৰু চি খণ্ডৰ অধীনত পৰে। ইয়াত কেন্দ্ৰীয় আৰক্ষী বাহিনীয়ে সীমা তদাৰক কৰে। এ খণ্ডতো ইতিমধ্যে নগালেণ্ড প্রশাসনৰ হাতলৈ গুচি গৈছে।
বি আৰু চি খণ্ডত বহু অসমীয়া মানুহে বাস কৰে। চিলনীজান আৰু উৰিয়ামঘাট বি আৰু চি খণ্ডত অন্তর্ভুক্ত হৈ আছে। ১৯৭৮ত অসম-নগালেণ্ডৰ মাজত হোৱা সংঘৰ্ষৰ সময়ত এই অঞ্চলৰ প্ৰায় ২৫ হেজাৰ মানুহে আশ্রয় শিবিৰত দীর্ঘ সময় বাস কৰিছিল।
সেই সময়ৰ অসমৰ মুখ্যমন্ত্রী প্রয়াত গোলাপ বৰবৰাই শিবিৰবাসীক নগাই উৎপাত চলোৱা নিজ নিজ স্থানলৈ ঘূৰি যাবলৈ অনুৰোধ জনাইছিল। অসমৰ সীমা সুৰক্ষিত ৰখাৰ বাবে ৰাইজক তেওঁ এই অনুৰোধ জনাবলৈ বাধ্য হৈছিল। উচ্ছেদৰ সময়ত যদি তেনে পৰিয়ালবোৰকো সামৰি লোৱা হয়, তেন্তে সেয়া অতি দুর্ভাগ্যজনক কথা হ’ব। আমি চৰকাৰক দাবী জনাইছো, উচ্ছেদৰ পূর্বে ১৯৭৯-৮৫ত গোলাঘাট জিলাৰ অসম-নগালেণ্ড সীমান্তত স্থাপিত সাহায্য শিবিৰৰ তথ্যসমূহ পৰীক্ষা কৰক। বনাঞ্চলত বসতি স্থাপন কৰিবলৈ চৰকাৰীভাবে উৎসাহ যোগোৱা ব্যক্তিসকলৰ বাবে বিশেষ ব্যবস্থা গ্রহণ কৰিবলৈ আমি দাবী জনাইছো। প্রকৃতি সংৰক্ষণ আৰু অসমৰ ভূমি অসমৰ মানুহৰ বাবে সংৰক্ষিত কৰিবই লাগিব। ইয়াত দ্বিমত নাই। কিন্তু সংৰক্ষণৰ নামত চলোৱা উচ্ছেদত মানৱীয়তা আৰু আইন ৰক্ষা হ’বই লাগিব। কিন্তু ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে খেয়াল-খুচি মতে সাংবিধানিক প্রক্রিয়া উলংঘা কৰি উচ্ছেদ চলাইছে।’
শইকীয়াই মন্তব্য কৰে যে বিজেপিয়ে সংখ্যালঘু মুছলমানক বাংলাদেশী, বিদেশী, জনবিন্যাস সলনি কৰিবলৈ সংস্থাপন লোৱা ইত্যাদি বুলি অপপ্ৰচাৰ চলাইছে। এই অপপ্ৰচাৰৰে উচ্ছেদ অব্যাহত ৰাখিছে আৰু তাৰ দ্বাৰা বিভাজনকামী তথা হিংসুক ৰাজনীতি কৰিবলৈ যত্ন কৰিছে। এই প্রসংগতে মুখ্যমন্ত্রীক প্রত্যাহ্বান জনাই শইকীয়াই কয় যে ধর্মীয় সংখ্যালঘু লোকে নিজৰ প্ৰকৃত জিলাৰ পৰা গৈ আন জিলাত বাস কৰিলে জনবিন্ন্যাস সলনি কৰাৰ ষড়যন্ত্র বুলি মুখ্যমন্ত্ৰীয়ে যি প্ৰচাৰ চলাই আহিছে সেয়া দুর্ভাগ্যজনক।
যিকোনো ভাৰতীয় নাগৰিকে ভাৰতৰ যিকোনো স্থানত সংস্থাপিত হ’ব পাৰে। এই অধিকাৰ সংবিধানে দিছে। যদি তেনে মানুহখিনি বাংলাদেশী বুলি প্রমাণ আছে, তেন্তে তেওঁলোকক বন্দী শিবিৰলৈ পঠিয়াই দিব লাগে। তেনে মানুহক ৫০ হেজাৰ টকাকৈ ক্ষতিপূৰণ কিয় দিয়া হৈছে বুলি শইকীয়াই প্রশ্ন কৰে। ইয়াৰ উত্তৰ হিচাপেও তেওঁ কয় যে অসমত এক সাম্প্রদায়িক বাতাবৰণ সৃষ্টি কৰি ভোট বেংক তৈয়াৰ কৰাটোৱে হৈছে হিমন্ত বিশ্ব শৰ্মাৰ আচল উদ্দেশ্য। ইয়াৰ লগতে আছে পুঁজিপতিক ভূমি হস্তান্তৰৰ ষড়যন্ত্র। শইকীয়াই উল্লেখ কৰে যে বিজেপি চৰকাৰে যি ৫৫ হেজাৰ বিঘা মাটিত উচ্ছেদ কৰা হৈছে, তাৰে মাত্র ছহেজাৰ বিঘা মানতহে সংখ্যালঘু লোকে বাস কৰিছিল। বাকী ৪৯ হেজাৰ বিঘা মাটিত খিলঞ্জীয়া জনসাধাৰণ আছিল। ‘ভূমিপুত্ৰক উচ্ছেদ কৰি আদানী-আম্বানীক ভূমি দিয়াটো কংগ্রেছে মানি নলয়’- এই বুলিও স্পষ্ট কৰি দিয়ে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনে।






























