Debabrata Saikia:
আমছু প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰে দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰি দিয়া এক বিতর্কিত ভাষণক লৈ সমগ্ৰ উজনি অসমৰ দল- সংগঠন ৰেজাউল কৰিম আৰু কংগ্ৰেছৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে।
ন-কংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰৰ বিতর্কিত মন্তব্যক লৈ মুকলি সমালোচনা প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷ উজনিক ধুবুৰী বনাম’ বুলি দিয়া মন্তব্যৰ বিৰোধিতাৰে শইকীয়াই এপিচিচিৰ সভাপতি গৌৰৱ গগৈলৈ দুই পৃষ্ঠাজোৰা এক পত্ৰ প্ৰেৰণ কৰিছে ৷
আনহাতে ৰেজাউল কৰিম সন্দৰ্ভত শইকীয়াই কয় ,ৰেজাউল কৰিম কংগ্ৰেছৰ হিৰো হ’ব নোৱাৰে৷ ছাদুল্লাৰ মুছলিম লীগৰ নীতিত কংগ্ৰেছ নচলে৷ৰেজাউল কৰিম আচলতে মুখ্যমন্ত্ৰীৰ এজেন্ট। কংগ্ৰেছৰ এজেন্টবোৰ শেষ হোৱাৰ পাছত নতুন এজেন্ট হিচাপে মুখ্যমন্ত্রীয়ে হয়তো প্ৰেৰণ কৰিব পাৰে ৷



































