CM Pressmet:শিক্ষা খণ্ডৰ আমুল পৰিৱৰ্তনৰ বাবে ৰাজ্য চৰকাৰে পুনৰ ল’ব ঋণ

বিশ্ববেকৰ পৰা ঋণ ল'ব ২৭৫০ কোটি,ৰাজ্যিক কেবিনেটত সিদ্ধান্ত

cmkkk

CM Pressmet:

ডিব্ৰুগড়স্থ মুখ্যমন্ত্ৰীৰ সচিবালয়ত বুধবাৰে অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট ৷ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত কেবিনেটত উপস্থিত থাকে ছজন মন্ত্ৰী ৷ কেবিনেটত আন সকল মন্ত্ৰীয়ে ভিডিঅ ‘কনফাৰেন্স যোগে অংশগ্ৰহণ কৰে। কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী গৰাকীয়ে এক সংবাদমেলত সিদ্ধান্ত সমূহ সদৰি কৰে ৷

ৰাজ্যৰ নতুন আৰক্ষী থানা,চাইবাৰ থানা আৰু বেৰেক সমূহ নিৰ্মাণ কৰিবৰ বাবে ‘মিছন মৈত্ৰী’নামৰ নতুন আঁচনি এটিৰ অধীনত ১৫০ কোটি ধাৰ্য কৰে ৷

আনহাতে ১২ আগষ্টত ইতিমধ্যে গঠন কৰা ১০ খন সমজিলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব মন্ত্ৰী সকলৰ জৰিয়তে ৷সেই অনুসৰি পলাশবাৰী ,ছয়গাঁও- বকো – চন্দ্ৰমোহন পাটোৱাৰী ,ৰঙাপাৰা-পীযুস হাজৰিকা,বৰচলা,অশোক সিংহাল মৰিয়নি অজন্তা নেওগ ডিগবৈ ৰূপেশ গোৱালা ,টিয়ক অতুল বৰা, মাকুম বিমল বৰা,ধলাই কৃষ্ণাগু পাল,ৰহা কেশৱ মহন্তই উদ্বোধন কৰিব ৷

মুখ্যমন্ত্ৰীয়ে আৰু কয়, এডভান্টেজ আছাম ২.০ জৰিয়তে ইতিমধ্যে জাপান সহ বিভিন্ন দেশৰ প্ৰতিষ্ঠিত কোম্পানীয়ে অসমত বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি চৰকাৰৰ স’তে মিলিত হৈছে ৷ এনে প্ৰেক্ষাপটত জাপানত বিভিন্ন কোম্পানীত চাকৰি কৰিব পৰাকৈ তিতি জাপানী লেংগুৱেজ প্ৰতিষ্ঠােন ক্ৰমে এছিয়ান ওৱান,জেচিক্স ভেনাজ আৰু মাইক্ৰ কেৰিয়াৰে অসমৰ পৰা তিনি হেজাৰ শিক্ষিত যুৱক- যুৱতীক জাপানী ভাষাৰ শিক্ষণ প্ৰশিক্ষণ আগবঢ়াব।

এই প্ৰশিক্ষণত ব্যয় হ’ব ৪ . ৫০ লাখ টকা ৷ ৰাজ্য চৰকাৰে ইয়াৰে ১.৫০ লাখ টকা ৰাজসাহায্য হিচাপে বাকী তিনিলাখ টকা যুৱক- যুৱতী সকলে বেংকৰ পৰা ঋণ লৈ বা ঘৰুৱা ভাৱে ব্যয় কৰিব ৷ জাপানী লেংগুৱেজ শিকাৰ পিছতে তেওঁলোকে জাপানী বিভিন্ন কোম্পানীত মকৰল লাভ কৰিব। য’তে তেওঁলোকে ভাৰতীয় টকা হিচাপত লাভ কৰিব আঢ়ৈ লাখ টকা।

শিক্ষা খণ্ডৰ প্ৰসাৰতাৰ বাবে ৰাজ্য চৰকাৰে ঋণ ল’ব বিশ্ববেংকৰ পৰা প্ৰায় ২৭৫০ কোটি ৷ এই টকাৰ ৯০ শতাংশ বহন কৰিব কেন্দ্ৰীয় চৰকাৰে ৷ আনহাতে বাকী দহ শতাংশ অৰ্থাৎ ২৫০ কোটি বহন কৰিব ৰাজ্য চৰকাৰে ৷ এই টকাৰে হাইস্কুল,হায়াৰ চেকেণ্ডাৰীৰ অংক আৰু বিজ্ঞান শিক্ষিকক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰিব ৷ একেদৰে ৰাজ্যৰ ১৭৩৩ টা নতুন অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব ৷ প্ৰতিটো কেন্দ্ৰত ২৫ লাখ টকাকৈ ব্যয় কৰা হ’ব বুলি সংবাদমেলত সদৰি কৰে মুখ্যমন্ত্ৰীয়ে |

Exit mobile version