Extremely hot in Guwahati: মহানগৰীত অঘটন ! উৎকট গৰমত প্ৰাণ আৰক্ষী জোৱানৰ

police

Extremely hot in Guwahati:

প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক ৷ ৰাজ্যৰ ৰাজধানী ক্ষেত্ৰ গুৱাহাটীত বৃদ্ধি পাইছে গৰমৰ মাত্ৰা ৷ এই গৰমৰ বাবেই বৃহস্পতিবাৰে প্ৰাণ গ’ল এজন আৰক্ষী জোৱানৰ ৷ অকাল মৃত্যুক সাবটি লোৱা জোৱানজনৰ নাম হিতেশ্বৰ কলিতা ৷ তেওঁ কাহিলীপাৰাস্থ দশম অসম পুলিচ বেটেলিয়নৰ কনিষ্টবল আছিল ৷

আৰক্ষী জোৱান গৰাকীয়ে দীঘলীপুখুৰী ফালৰ পৰা পদপথৰে খোজকাঢ়ি পানবজাৰৰ দিশে আহি থকা অৱস্থাতে ঢলি পৰে ৷ সেই সময়ত পদপথৰে গৈ থকা আন পথচাৰীয়ে জোৱানজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷

Exit mobile version