Dima Hasao Lanslide :
পাৰ্বত্য জিলা ডিমা হাচাওত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ৷ জিলা খনৰ মাহুৰ হাংৰুম গাঁৱত বুধবাৰে নিশা দিয়া নেৰানেপেৰা বৰষুণৰ মাজতে ৰাষ্ট্ৰীয় পথৰ কাষৰ এটা পাহাৰৰ একাংশ খহি পৰে ৷ ফলত মাহুৰ আৰু মণিপুৰৰ তামেংলং সংযোগী নিৰ্মীয়মাণ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত কৰ্মৰত নিৰ্মীয়মাণ কামত নিয়োজিত দুজন শ্ৰমিকৰ কৰুণ মৃত্যু ঘটে ৷
ADVERTISEMENT
উল্লেখ্য যে পাহাৰৰ একাংশ মাটি খহি কৰ্মৰত শ্ৰমিক কেইজন আবদ্ধ হৈ পৰে ৷ ঘটনাত নিহত হয় দুই শ্ৰমিক ফেৰো টিগা আৰু হুয়াজেনাম ৰিয়াম । টিগা এক্সকেভেটৰ অপাৰেটৰ আছিল ৷ আনহাতে ঘটনাটোত আহত হয় ৫ শ্ৰমিক সহ আন কে’বাজনো স্থানীয় বাসিন্দা। আহত সকলোকে ততাতৈয়াকৈ প্ৰেৰণ কৰা হাফলং অসামৰিক চিকিৎসালয়লৈ ৷






























