Mother and daughter die in Guwahati:
মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা নগৰৰ চাৰি নং বাইলেনত চাঞ্চল্যকৰ ঘটনা ৷ নিশা শোৱা পাটিতে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু মাতৃ- কন্যাৰ ৷ মাতৃৰ নাম দীপশিখা চক্ৰৱৰ্তী আৰু কন্যাৰ নাম শৰ্মিষ্ঠা চক্ৰৱৰ্তী ৷
প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰে নিশা মাতৃ-কন্যাই নিশাৰ আহাৰ গ্ৰহণ কৰি শুই পৰে ৷ সেই সময়ত কাষৰ বিচনাত চাৰ্জ কৰি থৈছিল ম’বাইল আৰু টেবলেট ৷ মাজনিশা হঠাতে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট হৈ বিস্ফোৰিত হয় ম’বাইল সহ টেবলেটটো ৷ ফলত জুইৰ সূত্ৰপাত হয় ৷ আনকি কোঠাটোত চলি আছিল এচিও। মুহূৰ্ততে জুয়ে আগুৰি ধৰে নিদ্ৰাৰত মাতৃ- কন্যাক ৷
আনহাতে কাষৰ কোঠাত মহিলা গৰাকীৰ স্বামী সুব্ৰত চক্ৰৱৰ্তীও শুই আছিল ৷ মাতৃ- কন্যাৰ চিৎকাৰ শুনি দৌৰি আহি জুই দেখি চিঞৰ-বাখৰ কৰাৰ লগতে দুয়োকে উদ্ধাৰৰ বাবে অপ্ৰাণ চেষ্টা কৰে ৷ যাৰবাবে তেওঁৰো আংশিক অগ্নিদগ্ধ হয় ৷
আনহাতে গুৰুতৰভাবে আহত হোৱা মাতৃ দীপশিখা চক্ৰৱৰ্তী আৰু কন্যা শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে বিছনাতে শেষ নিশ্বাস ত্যাগ কৰে ৷ নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰাৰ লগতে আহত সুব্ৰত চক্ৰৱৰ্তীকো চিকিৎসালয়ত ভৰ্তি কৰে। একেদৰে ঘটনাস্থলীত উপস্থিত হয় ফৰেনছিকৰ দলো ৷
আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ উল্লেখ্য যে , চাৰিজনীয়া পৰিয়ালটোৰ দীপশিখা চক্ৰৱৰ্তী আৰু সুব্ৰত চক্ৰৱৰ্তীৰ দুই কন্যা হ’ল শৰ্মিষ্ঠা চক্ৰৱৰ্তী আৰু কনিষ্ঠা কন্যা আছিল শ্ৰেয়াশ্ৰী চক্ৰৱৰ্তী। জ্যেষ্ঠা কন্যা শৰ্মিষ্ঠাই পূৰ্বতে বেংগালুৰুৰ এটা প্ৰতিষ্ঠানত কৰ্মৰত আছিল যদিও শেহতীয়াকৈ মালিগাঁৱৰ ঘৰৰ পৰাই ৱৰ্ক ফৰ্ম হ’ম কৰি আছিল ৷ মৰ্মান্তিক ঘটনাটিয়ে জোকাৰি গৈছে সমগ্ৰ মালিগাঁও অঞ্চল ৷






























