SC Demolition:
ধুবুৰী,গোৱালপাৰাৰ পিছত শেহতীয়াকৈ উৰিয়ামঘাটত বেদখলীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে ব্যাপক উচ্ছেদ চলাবলৈ তৎপৰ হোৱাৰ মাজতে চৰকাৰলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ জাননী ৷
উচ্চতম ন্যায়ালয় পালেগৈ গোৱালপাৰাৰ উচ্ছেদৰ প্ৰসংগ ৷ জিলা খনত হোৱা উচ্ছেদৰ সন্দৰ্ভত অসম চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছে ন্যায়ালয়ে ৷ উল্লেখ্য যে,উচ্ছেদ অভিযানৰ সন্দৰ্ভত হিমন্ত চৰকাৰৰ প্ৰশাসনৰ বিৰুদ্ধে আদালত অৱমাননা কৰাৰ অভিযোগ উত্থাপিত কৰিছিল আমছু,নেমছু সহ বিভিন্ন সংগঠনে ৷
যাৰবাবে হিমন্ত চৰকাৰৰ প্ৰশাসনৰ বিৰুদ্ধে 37759/2025 নম্বৰত অৱমাননাৰ গোচৰ দাখিল হৈছিল উচ্চতম ন্যায়ালয়ত৷ গোৱালপাৰা জিলাৰ ৮ টাকৈ উচ্ছেদিত পৰিয়াল দ্বাৰস্থ হৈছিল উচ্চতম ন্যায়ালয়ৰ ।
গোৱালপাৰা জিলাত চলা উচ্ছেদৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ মুখ্য সচিবলৈ আজি জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই আৰু কে বিনোদ চন্দ্ৰৰণৰ দুজনীয়া বিচাৰপীঠে ৷ ২ সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰৰ মুখ্য সচিবে শপতনামা দাখিল কৰিব লাগিব উচ্চতম ন্যায়ালয়ত ৷
উল্লেখযোগ্য যে,গোৱালপাৰাৰ উচ্ছেদ অভিযান কালত উচ্ছেদিত হৈছিল ৬৬৭ টা পৰিয়াল ৷ উচ্ছেদ অভিযানত কেৱল সংখ্যালঘু পৰিয়ালক টাৰ্গেট কৰা হৈছিল বুলি অভিযোগ উত্থাপিত হৈছিল ৷
যিকোনো স্থানত উচ্ছেদ অভিযান চলাবলৈ ১৫ দিনৰ পূৰ্বে জাননী জাৰি কৰাটো নিময় যদি গোৱালপাৰাৰ উচ্ছেদৰ সময়ত নিময় ভংগ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেডগেৰ দাবী অনুসৰি,গোৱালপাৰাত উচ্ছেদ চলোৱাৰ মাত্ৰ দুদিন পূৰ্বে প্ৰশাসনে জাৰি কৰিছিল উচ্ছেদৰ জাননী ৷
অৱশ্যে গোৱালপাৰাৰ উচ্ছেদস্থলী যদি অসম চৰকাৰৰ ভূমি তেন্তে এইক্ষেত্ৰত ন্যায়ালয়ে কোনো নিৰ্দেশনা দিব নোৱাৰে ৷ বৃহস্পতিবাৰে ভুক্তভোগী পৰিয়ালৰ আবেদন গ্ৰহণ কৰি এই কথা স্পষ্ট কৰি দিছে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই |






























