Jharkhand:
ইচ্ছাকৃতভাৱে কৰা ভুলৰ বাবে মানুহে ইতৰ প্ৰাণী বা অমাত জীৱৰ ওপৰত দোষ জাপি দিয়া ঘটনা নতুন নহয়। সেয়া লাগিলে পৰীক্ষাৰ বহী গৰুৱে খোৱাই হওঁক বা এন্দুৰ-নিগনিয়ে দৰকাৰী কাগজ-পত্ৰ ভক্ষণ কৰি নষ্ট কৰা ঘটনাই নহওঁক! আত্মপক্ষ সমৰ্থন কৰিব নোৱৰা প্ৰাণীৰ ওপৰত দোষ জাপি দি ঝাৰখণ্ডৰ একাংশ সুৰা ব্যৱসায়ীয়ে এক আজৱ যুক্তি দি চৰকাৰৰ ৰোষত পৰাৰ তথ্য পোহৰলৈ আহিছে।
ৰাজ্যখনৰ ধানবাদৰ বালিয়াপুৰ আৰু প্ৰধান খুণ্টা অঞ্চলৰ একাংশ সুৰা ব্যৱসায়ীয়ে ৰহস্যজনকভাৱে অন্তর্ধান হোৱা সুৰাৰ কাৰণ এন্দুৰ বুলি যুক্তি দিছে। এই ব্যৱসায়ীসকলৰ মতে, সুৰা মজুত ৰখা স্থলীতে এন্দুৰে কমেও আঠশ বটল সুৰা পান কৰে। অৱশ্যে ব্যৱসায়ীসকলৰ এই যুক্তি ৰাজ্যখনৰ আবকাৰী বিভাগে গ্রহণ কৰা নাই। তাৰ পৰিৱৰ্তে সংশ্লিষ্ট ব্যৱসায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আবকাৰী বিভাগে।
উল্লেখ্য যে শেহতীয়াভাৱে ঝাৰখণ্ড চৰকাৰে এক নতুন সুৰা নীতি প্রস্তুত কৰিছে। এই সুৰা নীতিৰ অধীনত চৰকাৰে সুৰা বিপণীৰ ব্যৱস্থাপনা আৰু অনুজ্ঞাপত্ৰ বিতৰণৰ দায়িত্ব ব্যক্তিগত সংস্থাক প্রদান কৰিবলৈ লৈছে। ইয়াৰ জৰিয়তে ৰাজহ সংগ্রহলৈ স্বচ্ছতা অহাৰ লগতে চৰকাৰৰ ওপৰত প্ৰশাসনিক বোজা হ্রাস পাব বুলি একাংশ বিষয়াই সদৰী কৰিছে। আনহাতে, অহা
পহিলা ছেপ্টেম্বৰৰ পৰা বলবৎ হ’ব লগা এই নতুন সুৰা নীতি বলৱতৰ প্রাক্ক্ষণত আবকাৰী বিভাগে ৰাজ্যখনত কিমান পৰিমাণৰ সুৰা জমা আছে তাৰ বুজ লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। ইয়াৰ অংশৰূপে উচ্চপদস্থ বিষয়াৰ উপস্থিতিত সুৰা বিপণীসমূহত অনুসন্ধান চলোৱা হয়। ধানবাদৰ বালিয়াপুৰ আৰু প্ৰধান খুন্টা অঞ্চলত শীর্ষ প্রশাসনিক বিষয়াৰ উপস্থিতিত সুৰা বিপণীসমূহত চলা অনুসন্ধানৰ সময়ত ৮০২ বটল ভাৰতত তৈয়াৰী বিদেশী সুৰা প্রায় খালী অথবা খালী অৱস্থাত উদ্ধাৰ হয়।
ইয়াৰ কাৰণ চৰকাৰী বিষয়াই সংশ্লিষ্ট সুৰা বিপণী গৰাকীসকলৰ পৰা জানিবলৈ বিচৰাত তেওঁলোকে জনায় যে এন্দুৰে বটলবোৰৰ সাফৰ কুটি আঁতৰাই সুৰা পান কৰে। অৱশ্যে সুৰা ব্যৱসায়ীসকলৰ এই যুক্তি গ্ৰহণ নকৰি সহকাৰী আবকাৰী আয়ুক্ত ৰামলীলা ৰেৱাণীয়ে হুংকাৰ দিছে যে এই ব্যৱসায়ীসকললৈ জাননী জাৰি কৰা হ’ব। এন্দুৰৰ ওপৰত সুৰা ব্যৱসায়ীসকলে দোষ জাপি দিব বিচৰা এই কার্যক প্রলাপ আখ্যা দিছে শীর্ষ আবকাৰী বিষয়াজনে।
উল্লেখ্য যে ব্যৱসায়ীয়ে নিচাযুক্ত সামগ্ৰীৰ হৰলুকিৰ বাবে এন্দুৰক দোষাৰোপ কৰা এই ঘটনাই ধানবাদত প্রথম নহয়। ইয়াৰ পূৰ্বে একাংশ আৰক্ষী বিষয়াই জব্দকৃত ১০ কিলোগ্রাম ভাং আৰু ন কিলোগ্রাম মাৰিজুৱানা চুৰি হোৱা বাবে এন্দুৰক দোষাৰোপ কৰিছিল। স্বয়ং আদালততে এই আৰক্ষী বিষয়াসকলে দাবী কৰিছিল যে এন্দুৰে এই নিচাযুক্ত সামগ্রীসমূহ ভক্ষণ কৰে। অৱশ্যে আদালতে আৰক্ষী বিষয়াসকলৰ এনে আজৱ যুক্তি গ্ৰহণ নকৰি তীব্র ভর্ৎসনা কৰে।






























