Bank Officer Arrested:
গ্ৰাহকৰ পৰা প্ৰৱঞ্চনাৰে ধন লুট কৰি অহাৰ অভিযোগত আটক হ’ল এগৰাকী বেংক বিষয়া ৷ মহানগৰীৰ কানাড়া বেংকৰ উলুবাৰী শাখাৰ বিষয়া জুমি দাসক আটক কৰে চিআইডিয়ে ।
উল্লেখ্য যে ,কানাড়া বেংকৰ উলুবাৰী শাখাত এক বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উদ্থাপিত হৈছিল। বেংকটোৰ বিষয়া গৰাকীয়ে প্ৰায় ৫০ লক্ষাধিক টকাৰ ৰাজহুৱা পুঁজি অপব্যৱহাৰৰ কৰাৰ সম্পৰ্কত চিআইডিয়ে ক্ষিপ্ৰতাৰে তদন্ত চলাই কেতবোৰ তথ্য পোহৰলৈ আহে ৷ বেংক বিষয়া জুমি দাসে প্ৰৱঞ্চনাৰে আনকি এগৰাকী গ্ৰাহকৰ পৰা আত্মসাৎ কৰিছিল ১৬ লাখ টকা ।
সমস্ত বিষয়টোৰ সন্দৰ্ভত তদন্ত কৰাৰ অন্তত অৱশেষত চিআইডিয়ে গ্ৰেপ্তাৰ কৰে বেংক বিষয়া জুমি দাসক ৷
