Illegal Beer Seized In Lakhipur:
অবৈধভাৱে বিক্ৰী কৰিবলৈ নিয়া বুজন পৰিমাণৰ বিয়েৰ জব্দ কাছাৰৰ লখিপুৰত ৷ লক্ষীপুৰ থানাৰ অন্তৰ্গত পাইলাপুলৰ সমীপত মণিপুৰৰ জিৰিবামৰ দিশে গৈ এএছ o১-আৰচি ০১৫৩ নম্বৰৰ মালবাহী ট্ৰাকত আৰক্ষীয়ে অৰ্তকিতে তালাচী চলাই কিংফিছাৰ বিয়েৰ ১২০টা কাৰ্টুন আৰু Old monk premium beer ৩৭০ টা কাৰ্টুন জব্দ কৰে ৷
ADVERTISEMENT
উল্লেখ্য যে মিনি নুডলছৰ ৫৩০ টা কাৰ্টুনৰ তলত লুকুৱাই আনিছিল জব্দকৃত বিয়েৰ খিনি। এই সন্দৰ্ভত আটক কৰা হয় দুই সৰবৰাহকাৰীক ৷ ধৃত লোক দুজন হ’ল সুবীৰ কুমাৰ আৰু অক্ষয় কুমাৰ( বিহাৰৰ মতিহাৰী ) ৷ জব্দকৃত বিয়েৰখিনি অৰুণাচলত বিক্ৰীৰ বাবেহে অনুমোদিত আছিল ৷




































