Nagaon University New VC:
নগাঁও বাসীৰ বাবে সুখবৰ ৷ মধ্য অসমৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ নগাঁও বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্য হিচাপে দায়িত্ব গ্ৰহণ কৰে শিক্ষাবিদ ড : হিতেশ ডেকাই ৷ এই উপলক্ষে বিশ্ববিদ্যালয় চৌহদত আয়োজিত এক অনুষ্ঠানত উপাচাৰ্য গৰাকীক উস্ম আদৰণি জনাই প্ৰাক্তন ছাত্ৰ তথা নগাঁও- বটদ্ৰৱাৰ বিধায়ক ৰূপক শৰ্মাই ৷
বিশিষ্ট শিক্ষাবিদ ,সাহিত্যিক ড: হিতেশ ডেকাক লৈ উৎফুল্লিত হৈ পৰিছে নগাঁও বিশ্ববিদ্যালয় পৰিয়াল ৷
উল্লেখ যে নগাঁও মহাবিদ্যালয়কে ধৰি অসম চৰকাৰে ৰাজ্যৰ ৭ খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰে ৷ ড : ডেকাই নতুন দায়িত্ব লোৱাৰ পূৰ্বে উপাচাৰ্য হিচাপে নিয়োজিত হৈ আছিল নগাঁৱৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ।
