Nagaon Eviction:✒️ ৰাজ্যৰ বিভিন্ন স্থানত চলা চৰকাৰী উচ্ছেদ অভিযানক লৈ মিশ্রিত প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে সম্প্রতি নগাঁও জিলাৰ বিভিন্ন স্থানত প্রশাসনে উচ্ছেদ অভিযানৰ প্রস্তুতি চলাইছে।
ইতিমধ্যে প্রশাসনে উচ্ছেদৰ জাননী জাৰি কৰিছে। কালি প্রশাসনে এনএছআৰচি/২০২৫/১৭৬ আৰু এনএছআৰচি ২০২৬/১৭৭ নম্বৰৰ জাননীৰ জৰিয়তে বেদখলকাৰীসকলক নির্দিষ্ট সময়ৰ ভিতৰত বেদখলীকৃত ভূমি ত্যাগ কৰি আঁতৰি যাবলৈ নিৰ্দেশ দিছে।
ইয়াৰে এখন জাননীত জিলাখনৰ হাতীচোং মৌজাৰ বগৰীগুৰি গাঁও কিছামতৰ ৬২ আৰু ৬৩ নম্বৰ চৰকাৰী গো-চৰণীয়া সংৰক্ষিত স্থানৰ মাটি বেদখল কৰি তাত ঘৰ সাজি বাস কৰি কৃষিকৰ্ম কৰি থকাসকলক বেদখলীকৃত ভূমি এৰি আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে।
আনখন জাননীৰ জৰিয়তে হাতীচোং মৌজাৰে গৰৈমাৰী পথাৰ কিছামতৰ ৭২ নম্বৰ গো-চৰণীয়া সংৰক্ষিত স্থানৰ মাটি বেদখলকাৰীসকলক শীঘ্ৰে বেদখলীকৃত ভূমি এৰি আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে।
একেদৰে চামগুৰি ৰাজহ চক্ৰ বিষয়াই জাৰি কৰা এছচি নম্বৰ-০২/২০২৩/বেদখল/৩৩৮৬ নম্বৰৰ জাননীৰ জৰিয়তে খাটোৱাল মৌজাৰ বেলগুৰি কছাৰী গাঁও কিছামতৰ তিনি নম্বৰ দাগৰ লগতে দাগৰ অংশ ৫২৮, ৫০৬, ৫০৫ আৰু ৬০৪ নম্বৰৰ চৰকাৰী গো-চৰণীয়া সংৰক্ষিত স্থানৰ মাটি বেদখলকাৰীসকলকো বেদখলীকৃত ভূমিৰ পৰা আঁতৰি যাবলৈও নির্দেশ দিয়া হৈছে।
তদুপৰি ধিং ৰাজহ চক্র বিষয়াই আলিটাঙনি মৌজাৰ বলিকটীয়া কিছামতৰ ২৮৫ নম্বৰ চৰকাৰী দাগৰ আলিবাটৰ মাটি বেদখল কৰি তাত ঘৰ সাজি বাস কৰি থকা বেদখলকাৰীসকলক সাত দিনৰ ভিতৰত বেদখলীকৃত ভূমি এৰি আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে।
একেদৰে বালিসত্ৰ ৰাজহ গাঁৱৰ ১৭৯ নম্বৰ দাগৰ চৰকাৰী ভূমি বেদখল কৰি তাত ঘৰ সাজি খেতি-= বাতি কৰি থকা লোকসকললৈও ইতিমধ্যে প্রশাসনে জাননী জাৰি কৰিছে। অৱশ্যে প্রশাসনৰ উচ্ছেদৰ জাননীৰ প্ৰতি বেদখলকাৰীসকলে সমূলি গুৰুত্ব আৰোপ কৰা নাই।
লহকৰঘাট কিছামতৰ ২৯৭ নম্বৰৰ চৰকাৰী গো-চৰণীয়া দাগৰ মাটি বেদখল কৰি দোকান-পোহাৰ দি থকা সকললৈ প্রশাসনে জাৰি কৰা জাননীত স্পষ্ট কৰি দিয়া হৈছে যে বেদখলকাৰীসকল আঁতৰি নগ’লেও ইয়াৰ পাছত আৰু কোনো জাননী জাৰি কৰা নহ’ব।
উল্লেখ্য যে তিনি দশক আগলৈ এই বিশাল ভূখণ্ড আছিল গো-চৰণীয়া পথাৰ। পৰৱৰ্তী সময়ত একাংশ লোকে চৰকাৰী ভূমি বেদখল কৰি তাত দোকান-পোহাৰ খোলে। ফলত চৌপাশৰ পৰিৱেশ বিনষ্ট হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে।
এই ব্যৱসায়ত বৃহত্তৰ অঞ্চলটোৰ লগত আছে দুখনকৈ শিক্ষানুষ্ঠান ক্রমে লহকৰ মধ্য ইংৰাজী মহাবিদ্যালয় আৰু লহকৰ প্রাথমিক বিদ্যালয়। শিক্ষানুষ্ঠান দুখনৰ ওচৰতে থকা বজাৰত হুলস্থুলীয়া পৰিৱেশ বিৰাজ কৰে বাবে শৈক্ষিক পৰিৱেশ নষ্ট হৈ আহিছে।
কেৱল সেয়াই নহয়, বজাৰখনৰ ওচৰে-পাঁজৰে একাংশ সুৰাপায়ী আৰু ড্ৰাগছ আসক্তয়ো পৰিৱেশ বিনষ্ট কৰে।
বেলগুৰি-কছাৰী গাঁও কিছামতৰ দুশ পৰিয়াললৈ জাননী
প্রশাসনে চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত খাটোৱাল মৌজাৰ বেলগুৰি-কছাৰীগাঁও কিছামতৰ প্ৰায় দুশ পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰিছে। – কালি পুৱা ৰাজহ বিভাগৰ কৰ্মচাৰীয়ে বেদখলকাৰী পৰিয়ালসমূহৰ মাজত উচ্ছেদৰ জাননী বিতৰণ কৰে। এই জাননী গাঁওবাসীৰ হাতত পৰাৰ লগে লগে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।
কে’বাটাও দশক ধৰি গো-চৰণীয়া সংৰক্ষিত স্থান বেদখল কৰি তাত বাস কৰি থকা পৰিয়ালসমূহ ক’লৈ যাব, তেওঁলোক ভবিষ্যৎ কি হ’ব তাক লৈ সংশয়ৰ সৃষ্টি হৈছে। ৰাজহ চক্ৰটোৰ সংশ্লিষ্ট লাটমণ্ডলে জনোৱা মতে, উক্ত গো-চৰণীয়া সংৰক্ষিত স্থানৰ মুঠ ৩৮৯ বিঘা মাটি বেদখলৰ কৱলত পৰিছে।
এই বিশাল ভূমি বেদখল কৰি ৰখা দুশ পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰা হৈছে বুলি লাটমণ্ডলে জনায়। অৱশ্যে ভূমি আবণ্টন লাভ কৰা মুঠ ৯৯ টা পৰিয়ালক উচ্ছেদৰ আওতালৈ অনা হোৱা নাই বুলি তেওঁ জানিবলৈ দিয়ে।
অভিযোগ অনুসৰি ১৯৮০-৯০ দশকত সম্পূৰ্ণ ৰাজনৈতিক ছত্রছায়াত বেলগুৰি কছাৰী গাঁৱৰ গো-চৰণীয়া সংৰক্ষিত স্থানৰ ভূমি ৰূপহীহাট আৰু চামগুৰি সমষ্টিৰ বিভিন্ন স্থানৰ একাংশ ভূমিহীন লোকে অবৈধভাবে দখল কৰে। ক্রমে এই বেদখলীকৃত ভূমিত বেদখলকাৰীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে। অর্থাৎ বেদখলকাৰীৰ গোঁজেই গজালি মেলিবলৈ ধৰে। বেদখলকাৰীসকলে সংৰক্ষিত স্থানত শাৰী শাৰীকৈ ঘৰ সাজি বস্তি গঢ়ি তোলে। আনকি একাংশই পকীঘৰো নিৰ্মাণ কৰে। সংৰক্ষিত ভূমিতে বেদখলকাৰীসকলে খেতি-বাতিও কৰে। বেদখলকাৰীসকলৰ পৰিয়ালৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বেদখলকাৰী ভূমিত উপাসনাস্থলী আৰু কবৰস্থান আদিও প্রতিষ্ঠা হয়। তদুপৰি ৰাজনৈতিক পৃষ্ঠপোষকতাৰ সমান্তৰালভাৱে স্থানীয় একাংশ মধ্যভোগী-দালালৰ সহযোগত একাংশ বেদখলকাৰীয়ে সোণৰ পদক বিজয়ী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ লীলাবতী দৈমাৰীৰ নামত নির্মাণ হ’ব লগা এখন ষ্টেডিয়ামৰ ১৭৮ বিঘা ভূমিও অবৈধভাৱে দখল কৰে। আনকি গড়াজানৰ পৰা অহা এটা পৰিয়ালে স্থানীয় পশু চিকিৎসালয়খন বেদখল কৰিও তাত বাস কৰি আছে।
Nagaon Eviction: ইপিনে, নাজিবুৰ ৰহমান নামৰ এজন লোকে ‘দৈনিক অগ্রদূত’ক কয়, ‘আমি ১৯৭৬ৰ পৰা (স্থানীয়) আই থানৰ মাটিও চোৱা-চিতা আৰু ৰক্ষণাবেক্ষণ দি আহিছো। আমি কোনো কাৰণতে ভূমি বেদখলকাৰী নহয়।’
ৰহমানে লগতে দাবী কৰে যে যোৱা বছৰ উচ্ছেদৰ প্ৰস্তুতিৰ বিষয়ে চর্চা হোৱাত থান পৰিচালনা সমিতিয়ে নগাঁৱৰ – জিলা আয়ুক্তক সাক্ষাৎ কৰি অৱগত কৰে যে থানৰ মাটি বেদখলকাৰীৰ কৱলত = পৰা নাই আৰু চোৱা-চিতা সঠিকভাৱে পৰিচালনাৰ বাবে কিছুসংখ্যক দৰিদ্ৰ লোকক দিয়া হৈছে।
লগতে তেওঁ এক অভিযোগ উত্থাপন কৰি কয়, ‘অধিকাংশ মাটিত স্থানীয় জনজাতি আৰু খিলঞ্জীয়া লোকে আমাৰ দ্বাৰা খেতি-বাতি কৰাই আছে। তেনে চৰকাৰী ভূমিৰ বেদখল উচ্ছেদ কৰিলে গাঁওবাসীয়ে আপত্তি নকৰে।’ আনহাতে, এজন স্থানীয় লোকে জনায় যে ১৯৮৫ত চৰকাৰে আবণ্টন দিয়া ভূমিত বাস কৰা পৰিয়ালসমূহক এই সম্ভাব্য উচ্ছেদে কোনো ক্ষতি নকৰে।






























