কাশ্মীৰত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, আৰম্ভ ‘অপাৰেচন মহাদেৱ’

IMG 20250728 142518

Operation Mahadev :✒️শ্ৰীনগৰৰ ডাচিগ্ৰাম অঞ্চলৰ জংঘলত নিৰাপত্তা বাহিনী আৰু উগ্ৰপন্থীৰ মাজত বন্দুকৰ সংঘৰ্ষ। ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যুটীয়া বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত তিনিজন উগ্ৰপন্থী নিহত হোৱা বুলি সূত্ৰই প্ৰকাশ কৰিছে।

সংবাদ সংস্থাৰ এক প্ৰতিবেদন অনুসৰি চোৰাংচোৱা সূত্ৰই প্ৰকাশ কৰিছে যে নিহত উগ্ৰপন্থী তিনিজন পাকিস্তানী নাগৰিক আৰু লস্কৰ-ই-তৈবাৰ স’তে জড়িত বুলি অনুমান কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই।এমাহজোৰা তালাচীৰ অন্তত তিনিওজন উগ্ৰপন্থী নিহত হয়।

উগ্ৰপন্থীয়ে লুকুৱাই ৰখা অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সামগ্ৰীৰ সন্ধানত অভিযান অব্যাহত আছে।

মৃত্যু হোৱা উগ্ৰপন্থী তিনিজনৰ পৰিচয় জানিবলৈ চেষ্টা কৰা হৈছে।শেহতীয়াকৈ NIA-এ উগ্ৰপন্থীক আশ্ৰয় দি থকা দুজন লোকক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ ফটো দেখুৱাই তেওঁলোকৰ সম্পূৰ্ণ পৰিচয় জানিবলৈ চেষ্টা কৰা হৈছে।

সোমবাৰে পুৱা প্ৰায় ১১ বজাত নিৰাপত্তা বাহিনীয়ে জংঘল অঞ্চলত কেবাজনো সন্দেহযুক্ত লোকক দেখা পোৱাৰ তথ্য লাভ কৰে। লগে লগে আৰম্ভ হয় অভিযান।

সোমবাৰে ভাৰতীয় সেনাৰ চিনাৰ কৰ্পছে উগ্ৰপন্থী বিৰোধী অভিযান আৰম্ভ কৰে। জম্মু-কাশ্মীৰৰ লিদ্ৱাছতো চিনাৰ কৰ্পছে অভিযান আৰম্ভ কৰিছে।

Exit mobile version