Uttar Pradesh:✒️সমগ্ৰ চিকিৎসালয়খনে যেন অন্ধকাৰ । বিজুলী নাই, আনকি চিকিৎসালয়ৰ জেনেৰেটৰটোও নচলে! ৰোগীৰ চিকিৎসাৰ বাবে চিকিৎসকে মমবাতি বা টৰ্চৰ পোহৰৰ ওপৰত নিৰ্ভৰ কৰে!
উত্তৰ প্ৰদেশৰ বালিয়াৰ চৰকাৰী চিকিৎসালয়ত প্ৰায় ৪৫ মিনিট এনেদৰে চলি থাকিল চিকিৎসা।
শুকুৰবাৰে সংঘটিত হয় এই ঘটনা। অৱশ্যে বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে পোহৰলৈ আহে এই ঘটনা। চিকিৎসালয়ৰ অধীক্ষক এছ কে যাদৱে সংবাদ মাধ্যমক জনোৱা মতে, জেনেৰেটৰত যান্ত্ৰিক বিজুতি ঘটিছে। মেৰামতিৰ চেষ্টা কৰা হ’ল যদিও সেয়া সম্ভৱ নহ’ল।
তেওঁ কয়, “সেই পৰিস্থিতিত চিকিৎসকসকলে টৰ্চৰ পোহৰেৰে চিকিৎসা কৰিবলৈ বাধ্য হৈছিল। হয়তো সেই সময়ত কোনোবাই ভিডিঅ’ কৰিছিল।”
এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে সমালোচনাৰ সৃষ্টি হৈছে। চিকিৎসালয়খনৰ জৰুৰীকালীন বিভাগত কিয় বিকল্প ব্যৱস্থা নাথাকিব সেই লৈ প্ৰশ্ন উত্থাপন হয়। এই ঘটনাৰ পাছত চিকিৎসালয় কৰ্তৃপক্ষই জৰুৰীকালীন বিভাগৰ বাবে ‘ইনভাৰ্টাৰ’ৰ ব্যৱস্থা কৰে।






























