Himanta biswa sarma :✒️মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি নতুন দিল্লীত প্রধানমন্ত্রীৰ লগতে কে’বাগৰাকী কেন্দ্রীয় মন্ত্রীক সাক্ষাৎ কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাতৰ সময়ত আর্থ-সামাজিক সূচকসমূহক কেন্দ্ৰ কৰি অসমে লাভ কৰা অগ্ৰগতিৰ বিষয়ে অৱগত কৰা হয় বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে।
ইয়াৰ লগতে প্রধানমন্ত্রীক অহা আঠ ছেপ্টেম্বৰত পুনৰ অসমলৈ আমন্ত্রণ জনোৱা হয়। উল্লেখ্য যে সেইদিনা মোদীয়ে নুমলীগড় তেল শোধনাগৰৰ ইথানল প্রকল্প উদ্বোধনৰ লগতে দৰং চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ শিলান্যাস স্থাপন আদিকে ধৰি কে’বাটাও কার্যসূচীত ভাগ ল’ব।
প্ৰধানমন্ত্ৰীৰ পাছতে মুখ্যমন্ত্রীয়ে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, কয়লা মন্ত্ৰী জি কিষাণ ৰেড্ডী আৰু জল শক্তি মন্ত্ৰী চি আৰ পাটিলক সাক্ষাৎ কৰে।
বিত্তমন্ত্ৰীগৰাকীক গহপুৰত নির্মাণ হ’বলগীয়া কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানলৈ আমন্ত্রণ জনায় শর্মাই।
উল্লেখ্য যে সময় সাপেক্ষ ঔদ্যোগিক পাঠ্যক্রমক এই বিশ্ববিদ্যালয়খনত অগ্ৰাধিকাৰ দিয়া হ’ব। ইপিনে, কয়লা মন্ত্ৰী ৰেষ্ট্ৰীক সাক্ষাৎ কৰি ক’ল ইণ্ডিয়া লিমিটেডৰ কয়লা আহৰণৰ তৎপৰতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়।
বিশেষকৈ মাৰ্ঘেৰিটাত প্রতিষ্ঠানটোৰ কয়লা উৎপাদনৰ গতি বৃদ্ধি কৰা, বজাৰ সংযোগ শক্তিশালী কৰাৰ ওপৰত মন্ত্ৰীজনৰ লগত মুখ্যমন্ত্রীয়ে আলোচনা কৰে।
আনহাতে, অসমত জল জীবন আঁচনিৰ কামৰ অগ্রগতি, আঁচনিখন ফলপ্রসূভাৱে অসমত ৰূপায়ণৰ বিষয়ক লৈ জল শক্তি মন্ত্রী পাটিলৰ লগত মুখ্যমন্ত্রীয়ে আলোচনা কৰে।






























