BJP leader Suspended:
দৈনিক অগ্ৰদূত’ৰ বাতৰি প্ৰভাৱ ৷ বিলাসীপাৰা জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাকেশ নাগ চোৰাং বিলাতী সুৰা ব্যৱসায়ৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হ’বলগীয়া বিস্তৃত বাতৰি প্ৰকাশ পাইছিল দৈনিক অগ্ৰদূত’ত ৷
ADVERTISEMENT
যাৰবাবে বিলাসীপাৰা ভাৰতীয় জনতা যুৱ মৰ্চাই তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ মঙলবাৰে যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ৰাকেশ নাগক নিলম্বন কৰে ৷
উল্লেখ্য যে নিলম্বিত নেতাজনে চাপৰত চোৰাং বিদেশী সুৰাৰ ৰমৰমীয়া বেহা চলাই আহিছিল ৷ আনকি শেহতীয়াকৈ গোলাঘাটৰ পৰা চুৰি হোৱা সুৰা ক্ৰয় কৰিছিল ৰাকেশ নাগে ৷ ইতিমধ্যে আৰক্ষীৰ তদন্তত সকলো তথ্য পোহৰলৈ আহিছে ৷




































