Bilasipara murder:✒️যেন ক্রমাৎ মৃত্যু উপত্যকালৈ পর্যবসিত হৈছে বিলাসীপাৰা সমজিলা। বিগত তিনি দিনত জিলাখনত এটি শিশুসহ দুজন হত্যাৰ বলি হোৱাৰ লগতে দুর্ঘটনাজনিত কাৰণত তিনিজন লোকৰ মৃত্যু হয়।
সূত্ৰই জনোৱা মতে, আৰক্ষীৰ অস্তিত্বহীনতাৰ সুযোগ লৈ দুর্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱা এটি তিনি-চাৰি বছৰীয়া শিশুৰ মৃতদেহ আজি বিলাসীপাৰাৰ বান্ধৱপাৰাত উদ্ধাৰ হয়।
স্থানীয় লোকে ৰেলপথৰ কাষৰ এটা জলাশয়ত শিশুটিৰ মৃতদেহ প্রত্যক্ষ কৰে। মৃতদেহটো ল’ৰা শিশুৰ আছিল। পাছত ঘটনাস্থলীত দণ্ডাধীশসহ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়।
আৰক্ষী সূত্ৰই জনোৱা মতে, শিশুটিৰ বাতৰি লিখা পৰলৈ চিনাক্তকৰণ হোৱা নাই। মৃতদেহ গলিবলৈ ধৰিছিল বুলিও আৰক্ষী সূত্রই জনায়।
ইপিনে, মঙলবাৰে দুপৰীয়া ১২ বজাত সাপটগ্রামত এখন তীব্রবেগী আল্ট্রা বাছ (এএছ-১৯ চি-৮৫৯৭)ৰ খুন্দাত এজন স্কুটী আৰোহীৰ থিতাতে মৃত্যু হয়। মৃত স্কুটী আৰোহীজনক সাপটগ্রাম আৰক্ষী থানাৰ অন্তৰ্গত সোণাময়ী গাঁৱৰ অনুকূল বৰ্মনৰ একমাত্র পুত্র তথা আইটিআই প্রশিক্ষার্থী নৱজ্যোতি বর্মন (২৫) বুলি চিনাক্ত কৰা হয়।
ইপিনে, যোৱা ১২ জুলাইৰ নিশা অজ্ঞাত ব্যক্তিয়ে ফোন কৰি ঘৰৰ পৰা মাতি নিয়া বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত বোৱালকামাৰী গাঁৱৰ নুৰ নবী শেখ (৫০) ৰ সোমবাৰে হাত-ভৰি আৰু ডিঙি কটা অৱস্থাত সাপটগ্রাম আৰক্ষী থানাৰ অন্তৰ্গত ৰাঙাপানীত মৃতদেহ উদ্ধাৰ হয়।
ভূমি সংক্রান্তীয় বিবাদৰ আঁত ধৰি দুর্বৃত্তই শ্বেখক হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। ইপিনে, যোৱা ১৩ জুলাইৰ দিনা পশ্চিম বিলাসীপাৰাৰ বয়জেৰ আলগা সপ্তমখণ্ড গাঁৱলৈ আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ আহি ব্ৰহ্মপুত্ৰৰ এটা সুঁতিৰ পানীত উটি যায় দুগৰাকী নাবালিকা ভগ্নী।
পাছত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষী-ৰাজ্যিক দুর্যোগ উপশম বাহিনী (এছডিআৰএফ) য়ে ভগ্নীদ্বয়ৰ মৃতদেহ নৈৰ বুকুৰ পৰা উদ্ধাৰ কৰে। এই দুই ভগ্নীক ফাতেমা খাতুন (১২) আৰু মৰিয়ম খাতুন (৭) বুলি চিনাক্ত কৰা হয়।
এনেদৰে মাত্র তিনি দিনতে অঞ্চলটোত হত্যা-হিংসা আৰু দুৰ্ঘটনাত পাঁচজনকৈ ব্যক্তি মৃত্যুমুখত পৰে।






























