Actress Nandini Kashyap Arrested :
যোৱা ২৬ জুলাইৰ নিশা মহানগৰীৰ দক্ষিণ গাঁৱৰ পথত বিজুলী বাতিৰ কাম কৰি থকা অৱস্থাত এগৰাকী অভিনেত্রীয়ে গাড়ীৰে মহটিয়াই নিয়া যুৱকজনৰ মঙলবাৰে আবেলি মৃত্যু হয়। যোৱা তিনি দিন ধৰি চামিউল হক নামৰ যুৱকজন জীৱন-মৃত্যুৰে যুঁজি গুৱাহাটীৰ এপ’ল হাস্পতালত আইচিইউত চিকিৎসাধীন হৈ থকা অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে।
উল্লেখ্য যে এই ঘটনাক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া অব্যাহত আছে। নিহত যুৱকজন গুৱাহাটী পৌৰ নিগমৰ বৈদ্যুতিক শাখাত কৰ্মৰত হৈ আছিল। অসমীয়া ছবি আৰু ভ্ৰাম্যমাণৰ স্বল্পখ্যাত অভিনেত্রী নন্দিনী কাশ্যপে এই ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছিল আৰু শেষত সোমবাৰে দিছপুৰ আৰক্ষীয়ে অভিনেত্ৰী গৰাকীক দিনজোৰা জেৰা চলাই এৰি দিছিল। সমান্তৰালভাৱে আৰক্ষীয়ে দুর্ঘটনা সংঘটিত কৰা অভিনেত্ৰী গৰাকীৰ এএছ-০১ এফএম-৯১৯৯ নম্বৰৰ মহেন্দ্ৰাৰ বিলাসী বাহনখন জব্দ কৰিছে।
উল্লেখ্য যে তীব্ৰবেগী বাহনখনৰ খুন্দাত যুৱকজনৰ দুয়োখন ভৰিৰ লগতে এখন হাতৰ হাড় কে’বা টুকুৰাকৈ ভাঙিছিল। তদুপৰি মূৰত গুৰুতৰভাৱে আঘাত পোৱাত মগজুতো তেজ গোট মাৰি গৈছিল।
আনহাতে, যুৱকজনৰ মৃত্যুৰ পাছতে হিট এণ্ড ৰাণ গোচৰত অভিনেত্ৰী গৰাকী মান্দাকাটাৰ এটা থিয়েটাৰৰ আখৰাগৃহৰ পৰা ওভতাৰ পথত শৰাইঘাট দলঙৰ সমীপৰ পৰা নিশাই নন্দিনীক আটক কৰিছিল আৰক্ষীয়ে | যুৱকজনৰ মৃত্যুৰ খবৰ লাভ কৰি অভিনেত্ৰী গৰাকীয়ে মান্দাকাটাস্থিতি থিয়েটাৰৰ আখৰাগৃহ ত্যাগ কৰিছিল | নিশা মাৰাথন জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় অভিনেত্ৰী গৰাকীক ৷ বৰ্তমান পানবজাৰ মহিলা থানাত ৰখা হৈছে নন্দিনীক ৷ আজি হাজিৰ কৰা হ’ব আদালতত |
ইপিনে, অভিনেত্ৰী নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰাৰ পাছতেই পাণবজাৰ মহিলা আৰক্ষী থানাত উপস্থিত হয় অভিনেত্ৰীগৰাকীৰ মাতৃ।






























