PM Narendra Modi:✒️সিহঁতি আমাৰ মহিলাসকলৰ শিৰৰ সিন্দূৰ কাঢ়ি লৈছিল।আমি তাৰ প্ৰতিশোধ লোৱাৰ প্ৰতিজ্ঞা কৰিছিলোঁ। পুণ্যভূমি বাৰাণসীত থিয় হৈ অপাৰেচন সিন্দূৰৰ সাফলতা মহাদেৱ শিৱক উৎসৰ্গা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
শনিবাৰে বাৰাণসীত এখন ৰাজহুৱা সভাত মোদীয়ে কয় যে, “অপাৰেচন সিন্দূৰৰ পাছত মই প্ৰথমবাৰৰ বাবে কাশীলৈ আহিছো। মোৰ হৃদয় গধুৰ হৈ পৰিছে। পহলগামত ২৬জন নিৰীহ নাগৰিকক সন্ত্ৰাসবাদীয়ে নিৰ্মমভাৱে হত্যা কৰিছিল। তেওঁলোকে আমাৰ মহিলাসকলৰ পৰা সিন্দূৰ কাঢ়ি লৈছিল।আমি তাৰ প্ৰতিশোধ লোৱাৰ প্ৰতিজ্ঞা কৰিছিলো। মহাদেৱৰ আশীৰ্বাদত আমি সফলতাৰে অৰ্জন কৰিবলৈ সক্ষম হ’লো। পহলগামৰ প্ৰতিশোধ লৈছো। অপাৰেচন সিন্দূৰৰ সফলতা মহাদেৱৰ চৰণত উৎসৰ্গা কৰিছো।”
প্ৰসংগক্ৰমে পহলগাম কাণ্ডৰ পাছত উপত্যকাটোৰ সিপাৰে উগ্ৰপন্থী বিৰোধী অভিযান আৰম্ভ কৰা হৈছে। যোৱা সোমবাৰে ভাৰতীয় সেনাই ‘অপাৰেচন মহাদেৱ’ অভিযানৰ সময়ত শ্ৰীনগৰত পহলগাম আক্ৰমণৰ লগত জড়িত তিনিজন পাকিস্তানী উগ্ৰপন্থীক নিহত হৈছে।
বিগত ২২ এপ্ৰিলত পহলগামত সংঘটিত আক্ৰমণৰ পাছত দীৰ্ঘদিন ধৰি আত্মগোপন কৰি আছিল উগ্ৰপন্থী মুছাই।কিন্তু শেহতীয়াকৈ উগ্ৰপন্থী মুছাই উগ্ৰপন্থীৰ হাতত থকা T82 Ultraset যোগাযোগ যন্ত্ৰ সক্ৰিয় কৰে।
সেই তথ্যৰ ভিত্তিত উগ্ৰপন্থীসকলক বিচাৰি উলিয়াই হত্যা কৰা হয়।সেই তথ্যৰ সহায়ত তেওঁলোকে স্থান বিচাৰি উগ্ৰপন্থীক হত্যা কৰে। পুৱা আঠ বজাৰ পৰা ১১ বজালৈ মাত্ৰ তিনি ঘণ্টাৰ অভিযানত মুছাৰ স’তে আৰু দুজন পাকিস্তানী উগ্ৰপন্থী নিহত হয়।






























