Nandini Kashyap in Guwahati Central Jail:
গাড়ীৰ খুন্দাত এজন যুৱক নিহত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিনেত্রী নন্দিনী কাশ্যপক শুকুৰবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। দুদিনৰ আৰক্ষী জিম্মাৰ ম্যাদ শেষ হোৱাত গুৱাহাটী আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক কামৰূপ মহানগৰ জিলাৰ প্ৰথম শ্রেণী বিশেষ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। আৰক্ষীয়ে নন্দিনীক পুনৰ পাঁচ দিনৰ জিম্মাত বিচাৰি আবেদন দাখিল কৰে যদিও বাদী-বিবাদী পক্ষৰ যুক্তি শুনাৰ অন্তত আদালতে ন্যায়িক জিম্মালৈহে প্ৰেৰণ কৰে।
ইপিনে, আদালতে কে’বাটাও বিষয়ক লৈ আৰক্ষীক প্রশ্ন কৰে। ইয়াৰ ভিতৰত তদন্তৰ সামগ্রিক প্রক্রিয়াটোক লৈ আৰক্ষীৰ ভূমিকাত আদালতে অসন্তুষ্টি ব্যক্ত কৰে। মূলতঃ যানবাহন আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্ট আদালতে তিনিৰ পৰা পাঁচদিনৰ স্বাভাৱিক সমযৰ পৰিৱৰ্তে ২৭ মিনিটত কিদৰে নন্দিনী কাশ্যপৰ বাহনৰ এমভিআইৰ প্ৰতিবেদন প্রস্তুত কৰাটো সম্ভৱ বুলি প্রশ্ন উত্থাপন কৰে।
উল্লেখ্য যে এমভিআইৰ প্রতিবেদন প্রস্তুত হ’বলৈ কিমান সময়ৰ প্ৰযোজন বুলি আৰক্ষীক প্রশ্ন কৰিছিল। সেই সময়ত আৰক্ষীয়ে তিনিৰ পৰা পাঁচ দিন সময় লাগে বুলি আদালতক জনায়। এনেদৰে আৰক্ষীয়ে নিজেই নিজৰ দুৰ্বলতা প্রকাশ কৰাত আদালতে একপ্ৰকাৰ ভর্ৎসনা কৰে ৷
আনহাতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা অভিনেত্রী নন্দিনী কাশ্যপে কেন্দ্ৰীয় কাৰাগাৰত প্ৰথমটো নিশা কটালে ৷ মহিলা চেলৰ ১ নং কোঠাৰ মজিয়াত শুলে ওৰেতো নিশা। কাৰাগাৰৰ ৰুটি- চবজিও গ্ৰহণ কৰে। চেলটোত পক’ক্স আইনৰ অধীনত কাৰাবন্দী হৈ থকা ডা:সংগীতা দত্ত এতিয়া নন্দিনীৰ নতুন সতীৰ্থ ৷ চেলটোত আছে আন ২২গৰাকী মহিলা কাৰাবন্দীও।






























