Silchar: কুৰিয়াৰ ছাৰ্ভিছৰ গুডামৰ পৰা জব্দ ৪০০ বটল ফেঞ্চিডাইল কফ ছিৰাপ

silchar

Silchar:

অসম আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্যৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান অব্যাহত ৰখাৰ মাজতে শিলচৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই কুৰিয়াৰ ছাৰ্ভিছৰ গুডামৰ পৰা জব্দ কৰে চাৰি শতাধিক ফেঞ্চিডাইল কফ ছিৰাপ ৷
বৃহৎ পৰিমাণৰ কফ ছিৰাপ জব্দ কৰিছে। গোপন তথ্যৰ ভিত্তিত শিলচৰ কাঠাল ৰোডৰ এটি গুডামত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰিছে চাৰিশ (৪০০) বটল ফেঞ্চিডাইল কফ ছিৰাপ

কুৰিয়াৰ ছাৰ্ভিছৰ সামগ্ৰী কঢ়িওয়া এটা পাৰ্চেলৰ পৰা ৰাংগিৰখাৰী আৰু শিলচৰ আৰক্ষীয়ে জব্দ কৰে কফ ছিৰাপখিনি ৷ অৱশ্যে এই সংক্ৰান্তত কোনো লোকক আটক কৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Exit mobile version