Urimaghat Eviction Update:
সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত বেদখল উচ্ছেদ অভিযান অব্যাহত আছে। যোৱা ২৯ জুলাইত আৰম্ভ হোৱা উচ্ছেদ অভিযানে আজি ভৰি দিলে পাঁচ দিনত ৷
হোৱা উচ্ছেদ অভিযানৰ সময়ত আজিলৈ পাঁচদিনত কমেও আঠ হেজাৰ হেক্টৰ বনভূমি বেদখলকাৰী সকলৰ পৰা মুক্ত কৰা হৈছে বুলি সূত্রই জনায়। ৰাজ্যিক বন বিভাগৰ তত্ত্বাৱধানত চলি থকা এই উচ্ছেদ অভিযানৰ সময়ত আজি দুই আৰু তিনি নম্বৰ দয়ালপুৰ, তিনি নম্বৰ দলনিপথাৰ, খেৰবাৰী, দুই নম্বৰ মধুপুৰ আৰু বিদ্যাপুৰ গাঁও সম্পূৰ্ণৰূপে উচ্ছেদ কৰা হয়।
এনেদৰে আজি বনাঞ্চলখনৰ চাৰিশ হেক্টৰতকৈ অধিক ভূমি বেদখলকাৰীসকলৰ পৰা পুনৰ উদ্ধাৰ কৰা হয় বুলি জানিবলৈ দিছে বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদবে। বিগত তিনিদিনৰ দৰে আজিও উচ্ছেদস্থলীত উপস্থিত থাকি যাদৱৰ লগতে অসম আৰক্ষীৰ মহাপৰিদৰ্শক (আইন-শৃংখলা) অখিলেশ কুমাৰ সিং, গোলাঘাটৰ জিলা আযুক্তৰ উচ্ছেদ অভিযান তদাৰক কৰে। আজি বিভিন্ন অপৰাধৰ গোচৰত অভিযুক্ত হামিদ আলী নামৰ বেদখলকাৰীজনৰ দয়ালপুৰস্থিত প্রাসাদোপম অট্টালিকাৰ লগতে বেদখলকাৰীসকলৰ কে’বাটাও বৃহৎ পকী ঘৰ, মছজিদ, মাদ্রাছা আদি উচ্ছেদ কৰা হয়।
আজি উচ্ছেদিত মছজিদকেইটাত শেষবাৰৰ বাবে জুম্মাৰ নামাজ অনুষ্ঠিত হয়। এই উচ্ছেদ অভিযানৰ সময়ত একাংশ বেদখলকাৰীয়ে উচুপি উঠে। আনহাতে, বিভিন্ন অপৰাধত অভিযুক্ত হামিদে নিজকে ভূমিহীন সজাই দয়ালপুৰত শ শ বিঘা বনভূমি বেদখল কৰি থকাৰ অভিযোগ উত্থাপন হৈছে। কেৱল সেয়াই নহয়, তেওঁ অবৈধ মাৰণাস্ত্ৰৰে এজন ব্যক্তিৰ ওপৰত গুলিচালনা কৰাৰ অভিযোগত এবছৰ পূৰ্বে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
চৰকাৰী উচ্ছেদকাৰী বাহিনীয়ে তেওঁৰ প্রাসাদোপম অট্টালিকা বুলড’জাৰৰে ভাঙি চূৰমাৰ কৰে। এই উচ্ছেদ অভিযান শান্তিপূর্ণভাৱে অতিবাহিত হৈছে। এই উচ্ছেদ অভিযান সম্পর্কত জিলা আয়ুক্ত পুলক মহন্তই জনায় যে বিগত চাৰিদিনত সংৰক্ষিত বনাঞ্চলখনৰ মুঠ আঠ হেজাৰৰো অধিক বিঘাৰ ভূমি বেদখলকাৰীৰ কৱলৰ পৰা মুক্ত কৰা হৈছে। এই উচ্ছেদ অভিযান অব্যাহত থাকিব বুলিও জিলা আয়ুক্তই সদৰী কৰে।






























