Court issues notice to six officers including CS:
ৰাজ্যৰ চৌদিশে এতিয়া উচ্ছেদ অভিযান ৷ কি নামনি ,কি উজনি ,কেতবোৰ অঞ্চলত প্ৰশাসনে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান ৷ উৰিয়ামঘাটত উচ্ছেদ অভিযানৰ মাজতে ৰাজ্যৰ মুখ্য সচিব সহ গোৱালপাৰাৰ জিলা প্ৰশাসনৰ ছয় বিষয়ালৈ উচ্চ ন্যায়ালয়ৰ জাননী ৷
বিপদত পৰিছে গোৱালপাৰাত উচ্ছেদ চলোৱা বিষয়া সকল ৷ আইনৰ কাঠগৰাত থিয় হ’ব লাগিব উচ্ছেদ চলোৱা বিষয়া সকল ৷ ৮ আগষ্টত সোঁ শৰীৰে ন্যায়ালয়ত উপস্থিত থকাৰ নিৰ্দেশ ৬ বিষয়াক ৷ উচ্ছেদ প্ৰক্ৰিয়াক লৈ ন্যায়ালয়ে জবাবদিহি কৰিব বিষয়া সকলক ৷
উল্লেখযোগ্য যে, গোৱালপাৰাত হোৱা উচ্ছেদৰ সময়ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰাৰ অভিযোগ উদ্থাপন হৈছিল ৷ কেইবাগৰাকী উচ্ছেদিতই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন ৷
এই লেখ আবেদনৰ সন্দৰ্ভত ন্যায়ালয়ে নিৰ্ধাৰিত কৰি দিয়া তাৰিখত ন্যায়ালয়ত হাজিৰ হ’বলৈ জাননী জাৰি কৰা হৈছে ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটা, ৰাজহ বিভাগৰ সচিব প্ৰধান জ্ঞানেন্দ্ৰ ত্ৰিপাঠীক ৷
একেদৰে জাননী জাৰি কৰা হৈছে গোৱালপাৰা জিলাৰ আয়ুক্ত খনিন্দ্ৰ চৌধুৰী, বালিজান ৰাজহ চক্ৰৰ ৰাজহ বিষয়া পূজা দাস ,জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত আৰু গোৱালপাৰা থানাৰ অ’চি বিষ্ণু পাৰ্চাইলৈ ৷
উল্লেখ্য যে,সংশ্লিষ্ট বিষয়া সকলে ন্যায়ালয়ত হাজিৰ হৈ উত্তৰ দিব লাগিব উচ্ছেদ কৰাৰ সময়ত কি কি নিয়ম মানি চলা হৈছিল ৷ গোৱালপাৰাত হোৱা উচ্ছেদৰ সময়ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা হোৱাৰ অভিযোগ উদ্থাপিত হৈছিল ৷
আনহাতে উচ্ছেদৰ সময়ছোৱাত কেইবগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে এজন লোকে গ্ৰহণ কৰিছিল চৰম পন্থা ৷
