Delhi:কিমান সুৰক্ষিত দিল্লী ! প্ৰাত:ভ্ৰমণলৈ যোৱা সাংসদৰ ডিঙিৰ চেইন কাঢ়িলে চিলনী চোৰে

MP

Delhi:

দেশৰ ৰাজধানী কিমান সুৰক্ষিত ৷ দেশৰ ৰাজধানী মহানগৰ খনত গিজগিজাই থকা নিৰাপত্তা বাহিনীক বুঢ়া আঙুলি দেখুৱাই দিনদুপৰতে চিলনী চোৰে কাঢ়ি নিলে এগৰাকী সাংসদৰ সোনৰ চেইন।

প্ৰাত:ভ্ৰমনলৈ যোৱাৰ সময়তে কংগ্ৰেছী সাংসদ সুধা ৰামাকৃষ্ণনৰ ডিঙিৰ পৰা থপিয়াই নিলে সোণৰ চেইন। ৰামাকৃষ্ণন তামিলনাডুৰ মেইলাদুথৰাই সংসদীয় সমষ্টিৰ সাংসদ ৷

এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে দিল্লী৷ ইতিমধ্যে সাংসদ গৰাকীয়ে দিয়া এজাহাৰৰ ভিত্তিত দিল্লী আৰক্ষীয়ে চোৰৰ সন্ধানত চলাইছে অভিযান ৷

Exit mobile version