পুনৰ প্ৰকৃতিৰ ৰূপত হিমাচল, কিন্নাৰত ডাৱৰ বিস্ফোৰণত আকস্মিক বান, স্থগিত কৈলাশ যাত্রা

IMG 20250806 123619

Himachal Pradesh:✒️উত্তৰাখণ্ডৰ পাছত এইবাৰ হিমাচল প্ৰদেশ। এইবাৰ কিন্নাৰত প্ৰকৃতিয়ে ধাৰণ কৰিছে বিধ্বংসী ৰূপ । হঠাৎ ডাৱৰ বিস্ফোৰণৰ ফলত কিন্নাৰত সৃষ্টি হৈছে বান পৰিস্থিতি।

একে সময়তে ধাৰাবাহিকভাৱে চলিছে ধাৰাসাৰ বৰষুণ । ইয়াৰ বাবে স্থগিত ৰখা হৈছে কিন্নাউৰ-কৈলাশ পথৰ যাত্ৰা । আবদ্ধ হৈ আছে তীৰ্থযাত্ৰী।

সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰি অনুসৰি বুধবাৰে পুৱা কিন্নাউৰৰ সমীপত ডাৱৰ বিস্ফোৰণৰ ফলত আকস্মিক বানৰ সৃষ্টি হয়। এই পৰ্যন্ত প্ৰশাসনৰ পৰা কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই।

যদিও আজি কিন্নাউৰত সংঘটিত হোৱা দুৰ্যোগত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই, তথাপিও ধাৰাসাৰ বৰষুণে সমস্যাটো আৰু অধিক বৃদ্ধি কৰিছে।

ইয়াৰ বাবে হিমাচলৰ কেবাটাও স্থানত ভূমিস্খলন সংঘটিত হৈছে।পথ ভাঙি যোৱাৰ বাবে তীৰ্থযাত্ৰীসকলো আবদ্ধ হৈ পৰিছে। বতৰ বিজ্ঞান বিভাগে গোটেই দিনটো ধাৰাসাৰ বৰষুণৰ পূৰ্বাভাস প্ৰকাশ কৰিছে।

পৰৱৰ্তী ১২ ঘন্টাত চাম্বা, হামিৰপুৰ, কংৰা, কুল্লু-মানালী, লাহুল-স্পিটি, মাণ্ডী, উনা, বিলাসপুৰ, কিন্নাউৰ, সোলান, শিমলা আৰু ছিৰমৌৰ চিমলা আৰু ছিৰমৌৰ জিলাত প্ৰচণ্ডৰ পৰা অতি প্ৰবল বৰষুণৰ সতৰ্কবাণী।

Exit mobile version