PM Modi: ✒️২০২০ চনত গালৱান সংঘৰ্ষৰ পাছত প্ৰথমবাৰৰ বাবে বাণিজ্য যুদ্ধৰ মাজতে চীন ভ্ৰমণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তাত অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে।
অহা ৩১ আগষ্টৰ পৰা এক ছেপ্টেম্বৰলৈ চীনৰ টিয়ানজিনত অনুষ্ঠিত হ’ব এছচিঅ’ শীৰ্ষ সন্মিলন।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১৯ চনত শেষৰবাৰৰ বাবে চীন ভ্ৰমণ কৰিছিল মোদীয়ে ।
প্ৰাথমিক তথ্য অনুসৰি,প্ৰধানমন্ত্ৰী মোদীয়ে এছ চি অ’ৰ সদস্য দেশসমূহৰ স’তে আঞ্চলিক নিৰাপত্তা, সন্ত্ৰাসবাদ আৰু বাণিজ্যৰ বিষয়ে আলোচনা কৰিব।
বৰ্তমানৰ এই ভ্ৰমণৰ জৰিয়তে আলোচনাৰ জৰিয়তে ভাৰত-চীনৰ সম্পৰ্কত স্থিতিশীলতা পুনৰ ঘূৰাই অনাৰ চেষ্টাও কৰা হ’ব।
এই সন্মিলনৰ সময়ত মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ স’তেও পৃথক পৃথক বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে।
ইয়াৰ পূৰ্বে ২০২৪ চনৰ অক্টোবৰ মাহত কাজানত অনুষ্ঠিত ‘ ব্ৰিকছ’ ৰ শীৰ্ষ সন্মিলনত মোডী-জিনপিঙৰ বৈঠক হৈছিল।






























