Chhaygaon :
সমগ্ৰ ৰাজ্যৰ লগতে পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ছয়গাঁও মহাবিদ্যালয়ৰ চম্পকজ্যোতি প্ৰেক্ষাগৃহত বুধবাৰে মূখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই । এই উপলক্ষে সহস্ৰাধিক ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱ কুমাৰ কলিতাই আদৰণি ভাষণত প্ৰদান কৰে ।
সভাত বিধায়ক হেমাংগ ঠাকুৰায়াই “নিযুত মইনা-২.০”-ৰ জৰিয়তে দুখীয়া ছাত্ৰী সকলক উপকৃত কৰা বাবে মূখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰে । বিধায়ক গৰাকীয়ে বুধবাৰে ছয়গাঁও মহাবিদ্যালয়ৰ ১,০২২ গৰাকী ছাত্ৰীক নিযুত মইনা আঁচনিৰ আবেদন পত্ৰ বিতৰণ কৰে । ইয়াৰ পূৰ্বে ৮,৬৪ গৰাকী ছাত্ৰীক নিযুত মইনা আঁচনি প্ৰদান কৰিছিল ।
আজিৰ অনুষ্ঠানত জ্যেষ্ঠ অধ্যাপক কমল ঠাকুৰীয়া , বিশিষ্ট সমাজকৰ্মী মিহিৰ ৰঞ্জন দাস, কমলেশ্বৰ দাস উপস্থিত আছিল I






























