Delhi :✒️যোৱা কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ ফলত উফন্দি উঠিছে দিল্লীৰ যমুনা নদী ।বিপদসীমাৰ অতিক্ৰম কৰিছে যমুনা নদীৰ জলপৃষ্ঠই। আজিৰ দিনটোতে দিল্লীৰ পুৰণি ৰেল দলংখনৰ জলপৃষ্ঠ ২০৪.৮৮ মিটাৰ পালেগৈ।
ধাৰাবাহিক বৰষুণৰ ফলত যমুনাৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত প্ৰশাসনে সম্ভাৱ্য বান পৰিস্থিতিৰ স’তে মোকাবিলা কৰিবলৈ সকলো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ লগতে জাৰি কৰা হৈছে সতৰ্কবাণীও ।
দিল্লীৰ যমুনা নদীৰ জলপৃষ্ঠ বৃদ্ধিয়ে স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে। অৱশ্যে স্থানীয় প্ৰশাসন আৰু জলসিঞ্চন বিভাগে সমগ্ৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে।
সংবাদ সংস্থাৰ মতে, ধাৰাবাহিক বৰষুণৰ বাবে দিল্লীকে ধৰি দেশৰ অন্যান্য ৰাজ্যতো একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ বাবেই প্ৰশাসন চিন্তিত হৈ পৰিছে। ধাৰাসাৰ বৰষুণৰ বাবে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ আৰু বাৰাণসীত সৃষ্টি হৈছে বান পৰিস্থিতি।
বিশেষকৈ বাৰাণসীত গংগাৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে বহু ঘাট ডুব গৈছে। আপাততঃ তাত নাও চলাচল বন্ধ কৰি দিয়া হৈছে। প্ৰাপ্ত তথ্য অনুসৰি ,শনিবাৰে বাৰাণসীৰ গংগাৰ জলপৃষ্ঠ বিপদসীমা অতি ওচৰ পালেগৈ।
উত্তৰাখণ্ডৰ ঋষিকেশতো অবিৰত বৰষুণৰ বাবে গংগাৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাইছে।
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এক প্ৰতিবেদনত কোৱা হৈছে যে বিগত ২০ জুনৰ পৰা ছয় আগষ্টলৈকে বিগত দুমাহত প্ৰচণ্ড বৰষুণৰ ফলত হিমাচল প্ৰদেশত ১৯৯ জন লোকৰ মৃত্যু হৈছে।১৯০৫ কোটিতকৈ অধিক মূল্যৰ সম্পত্তিৰ ক্ষতিসাধন হৈছে।
