Modi-Trump:✒️আজি দিল্লীত অনুষ্ঠিত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদীয়ে মোদী।
অনুষ্ঠানত উপস্থিত হয় মোদীয়ে কয়,”কৃষকৰ স্বাৰ্থ আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। ভাৰতে কেতিয়াও কৃষক, গোপালক আৰু মাছমৰীয়াৰ স্বাৰ্থৰ স’তে আপোচ নকৰে।”
ইয়াৰ পাছতে ইংগিতদায়কভাৱে তেওঁ কয়, “মই জানো যে ইয়াৰ বাবে মই ব্যক্তিগতভাৱে বহুত মূল্য দিব লাগিব। কিন্তু তাৰ বাবে মই সাজু। কৃষক, পশুপালন, আৰু মাছমৰীয়াৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ ভাৰত সাজু।”
বুধবাৰে ট্ৰাম্পে ঘোষণা কৰে যে ৰাছিয়াৰ পৰা তেল আমদানি কৰাৰ বাবে ভাৰতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰিব। অতিৰিক্ত ২৫ শতাংশৰ ফলত অহা ২৭ আগষ্টৰ পৰা আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আদায় দিব লাগিব ভাৰতে ।
পাছত সংবাদ মাধ্যমৰ সন্মুখত ট্ৰাম্পে ইংগিত দিয়ে যে ৰাছিয়াৰ স’তে বাণিজ্যিক সম্পৰ্ক বজাই ৰাখিলে দেশসমূহৰ ওপৰত “আৰু বহু” নিষেধাজ্ঞা আৰোপ কৰা হ’ব।
ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি এতিয়াৰ বাবে চূড়ান্ত হোৱাৰ সম্ভাৱনা নাই। এই পৰ্যন্ত দুয়োখন দেশৰ মাজত পাঁচটা পৰ্যায়ত আলোচনা হৈছে। আৰু আলোচনাৰ সম্ভাৱনা আছে। চূড়ান্ত চুক্তি স্বাক্ষৰ হোৱাৰ পূৰ্বে দুয়োখন দেশৰ মাজত অন্তৱৰ্তীকালীন চুক্তিত উপনীত হ’ব বিচাৰিছে।
চলিত মাহত আমেৰিকাৰ বাণিজ্যিক প্ৰতিনিধি দল ভাৰত ভ্ৰমণৰ কথা। কেন্দ্ৰৰ এক সূত্ৰৰ মতে, আমেৰিকাই বিচাৰে ভাৰতে তেওঁলোকৰ বাবে কৃষিজাত সামগ্ৰী, গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ বজাৰ সম্পূৰ্ণৰূপে মুকলি কৰক।
কিন্তু নতুন দিল্লী সেই কথাত সুখী নহয়। বহুতে অনুমান কৰে যে সেউজ বিপ্লৱে দেশৰ কৃষি খণ্ডত আমূল পৰিৱৰ্তন আনিলে। ভাৰতো ঘেঁহু আমদানিৰ বাবে আমেৰিকাৰ ওপৰত নিৰ্ভৰশীলতাৰ পৰা মুক্ত হৈ পৰিল।
আৰু সেই সেউজ বিপ্লৱৰ স্থপতি আছিল কৃষি বিজ্ঞানী স্বামীনাথন।তেওঁৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত কৃষকসকলৰ স্বাৰ্থৰক্ষাৰ কথা কৈ মোদীয়ে আমেৰিকালৈ বাৰ্তা প্ৰেৰণ কৰাৰ লগতে দেশৰ কৃষক সমাজলৈও বাৰ্তা প্ৰেৰণ কৰিছিল।






























