Negheribeel Eviction Drive:
গোলাঘাট জিলাৰ মেৰাপানীৰ নেঘেৰিবিলত শুকুৰবাৰে পুৱাৰে অব্যাহত আছে বৃহৎ উচ্ছেদ অভিযান ৷বৃহৎ সংখ্যক আৰক্ষী- অৰ্ধ সামৰিক বাহিনীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে ৩০ খনকৈ এস্ককেভেটৰে এফালৰ পৰা ভাঙি যায় ইটোৰ পিছত সিটোকৈ বেদখলকাৰীৰ বাসগৃহ ৷ প্ৰায় ১৪৬টা পৰিয়ালৰ ঘৰত প্ৰশাসনে চলায় উচ্ছেদ ৷
উচ্ছেদস্থলিত উপস্থিত থাকে জিলা উপায়ুক্ত পুলক মহন্ত , অসম বন ৰক্ষী বাহিনীৰ অধিনায়ক দেৱজিত দেউৰি , জিলা বন প্ৰাধিকাৰী সহ জ্যেষ্ঠ বিষয়াবৰ্গ ।
