Heatwave :✒️গোলকীয় উষ্ণতা বৃদ্ধিৰ নিৰীক্ষক সংস্থা ইউৰোপীয় ইউনিয়নে এক প্রতিবেদনত উল্লেখ কৰা অনুসৰি, চলিত বৰ্ষৰ জুলাই তৃতীয়টো সবাতোকৈ উত্তপ্ত মাহ আছিল।
অৱশ্যে দুবছৰ পূৰ্বৰ একেটা মাহৰ সৰ্বাধিক উষ্ণতাৰ তুলনাত ২০২৫ৰ জুলাই তাপমাত্রা সামান্য কম আছিল। গোলকীয়ভাৱে চলিত বর্ষত তাপমাত্রা সামান্য হ্রাস পাইছে যদিও জলবায়ু বিজ্ঞানীৰ মতে, যোৱা জুলাইত উত্তাপ অধিক বৃদ্ধি পাইছিল আৰু অত্যধিক উত্তাপৰ ফলত বহু লোকৰ মৃত্যুও হৈছিল।
উল্লেখ্য যে যোৱা ২৫ জুলাইত তুৰস্কত বনজুইৰ ফলত তাপমাত্রা ৫০.৫ ডিগ্রী চেলছিয়াচলৈকে বৃদ্ধি পাইছিল। গোলকীয়ভাবে ২০২৪ বর্ষ ইতিহাসৰ সবাতোকৈ উত্তপ্ত বর্ষ আছিল।
তথ্য অনুসৰি ১৯৮০ দশকৰ পাছৰে পৰা তাপমাত্রা গোলকীয়ভৱে গড়ে দুগুণ গতিৰে বৃদ্ধি পাই আহিছে।
