Sovansiri Hydropower Project :
অত্যন্ত স্পর্শকাতৰ নামনি সোৱণশিৰি বৃহৎ জলবিদ্যুৎ প্রকল্পটো। কে’বাটাও গোট বিদ্যুৎ উৎপাদনৰ বাবে সাজু কৰাৰ সময়তে বাষ্ট্রীয় বিদ্যুৎ নিগম (এনএইছপিচি)ৰ বহু বিতর্কিত আৰু অসমৰ বাবে জলবোমা সদৃশ প্রকল্পটোক এইদৰে চিহ্নিত কৰিছে কেন্দ্রীয় বৈদ্যুতিক প্রাধিকৰণ (চিইএ)-এ। সম্পূর্ণ নির্মীয়মাণ অৱস্থাত থকা এই প্রকল্পটোৰ লগতে সম্প্রতি উৎপাদন কার্য চলাই থকা অৰুণাচলত অৱস্থিত নীপক’ৰ ৪০৫ মেগাৱাট শক্তি সম্পন্ন নামনি পানয়ৰ আৰু ছশ মেগাৱাট শক্তি সম্পন্ন কামেং প্রকল্প দুটাও স্পর্শকাতৰৰূপে প্ৰাধিকৰণে চিহ্নিত কৰিছে।
উল্লেখ্য যে নীপক’ৰ এই দুয়োটা প্ৰকল্পৰ পৰা অসম দীর্ঘদিনৰ পৰা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ক্ষতিগ্রস্ত হৈ আহিছে। এনে সময়তে অসমৰ গেৰুকামুখ তথা অৰুণাচলৰ নামনি সোৱণশিৰিত স্থাপন কৰা ভাৰতৰ ভিতৰতে এই পর্যন্ত সর্ববৃহৎ বুলি চিহ্নিত জলবিদ্যুৎ প্রকল্পটো স্পৰ্শকাতৰ বুলি স্বয়ং কেন্দ্ৰীয় চৰকাৰৰ সংস্থাই মন্তব্য কৰাটো অত্যন্ত তাৎপর্যপূর্ণ বিবেচিত হৈছে। চিইএৰ তথ্য অনুসৰি, যিবোৰ জলবিদ্যুৎ প্ৰকল্পৰ উচ্চতা ন্যূনতম ১৫০০ মিটাৰ হিমালয় মণ্ডলত অৱস্থিত, সেইবোৰ স্পৰ্শকাতৰ। অত্যধিক ভূ-কম্পন প্ৰৱণ অঞ্চল, শিলৰ গাঁথনি, নির্মাণ পদ্ধতি আদিৰ ওপৰত নিৰ্ভৰ কৰি চিইএয়ে প্রকল্পটোক এইদৰে চিহ্নিত কৰিছে।
লক্ষ্যণীয়ভাৱে দৈনিক ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে নিৰ্মাণ কৰা নামনি সোৱণশিৰি বৃহৎ জলবিদ্যুৎ প্রকল্পটো বিশেষকৈ অসমৰ বাবে জলবোমা সদৃশ হৈ পৰা বুলি পূৰ্বৰে পৰা চৰ্চিত হৈ আহিছে। কাৰণ প্ৰকল্পটোত যিকোনো দুর্ঘটনা সংঘটিত হ’লেই তাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব ইয়াৰ নামনিত অৱস্থিত অসমত। গতিকে প্রকল্পটো এনে স্থানত নির্মাণ কৰাক লৈয়ে তীব্র প্রতিবাদ বিগত কে’বা বছৰ ধৰি চলি আহিছে। তদুপৰি নিৰ্মাণ কাৰ্যও যথেষ্ট দুর্বল হোৱাৰ অভিযোগ উঠি আহিছে। ইয়াৰ পৰিণামস্বৰূপে ২০০৭ৰ পৰা আনুষ্ঠানিক নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা প্ৰকল্পটোৰ কাম ২০১৬ৰ ভিতৰত সম্পূর্ণ হৈ উঠিব লাগিছিল যদিও আজি পর্যন্ত ই নিৰ্মাণৰত অৱস্থাতে আছে।
লক্ষ্য নির্ধাৰিত কৰা অনুসৰি, ২০০০ মেগাৱাট বিদ্যুৎ আঠটা গোটৰ জৰিয়তে উৎপাদন কৰা হ’ব। প্ৰতিটো গোটৰে উৎপাদন ক্ষমতা হ’ব ২৫০ মেগাৱাট। ইয়াৰে তিনিটা গোট বিদ্যুৎ উৎপাদনৰ বাবে সম্পূৰ্ণ হৈ উঠিছে। এই কেইটাৰে বিদ্যুৎ উৎপাদন যোৱা জুনৰ পৰাই আৰম্ভ কৰাৰ লক্ষ্য লোৱা হৈছিল; কিন্তু চিইএয়ে সেউজ সংকেত নিদিয়া বাবে এতিয়াও উৎপাদন আৰম্ভ কৰিব পৰা নাই। সেয়েহে ২০২৬ৰ মাজভাগত প্রকল্পটোত উৎপাদন কাৰ্য আৰম্ভ কৰাৰ লক্ষ্য লোৱা হৈছে; কিন্তু তাৰ পূৰ্বেই প্রকল্পটো স্পৰ্শকাতৰ বুলি চিইএয়ে চিনাক্ত কৰাত জটিলতা বৃদ্ধি পাইছে। গতিকে এইটো স্পষ্ট হৈছে যে প্রকল্পটো অত্যন্ত উদ্বেগজনক।
চিইএৰ মন্তব্যৰ পাছত নির্মাণ সংস্থা এনএইছপিচিয়ে কি স্থিতি গ্রহণ কৰে, সেয়া হ’ব লক্ষ্যণীয়। কাৰণ নিৰ্মাণৰ সময়সীমা অত্যন্ত দীঘলীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত প্রকল্পটোৰ ব্যয় অভাৱনীয়ভাৱে বৃদ্ধি হৈছে। প্রকল্পটোৰ বিৰুদ্ধে ৰাজ্যত গঢ়ি উঠা বৃহৎ প্ৰতিবাদৰ বাবে ২০১১ৰ ডিচেম্বৰৰ পৰা ২০১৯ৰ অক্টোবৰলৈ নিৰ্মাণ কাৰ্য সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। ইয়াৰ মাজতে উচ্চ পৰ্যায়ৰ বিভিন্ন সমিতিয়ে প্রকল্পটোৰ সুৰক্ষা ব্যৱস্থাক লৈ পর্যবেক্ষণ চলায়।
এনে পর্যবেক্ষণতো প্রকল্পটোৰ বৃহৎ আকাৰৰ বিপৰীতে নির্মাণ গাঁথনি দুর্বল হোৱাৰ অভিযোগ কৰা হয়; কিন্তু তেনে অভিযোগক পৰৱৰ্তী সময়ত সম্পূৰ্ণৰূপে নস্যাৎ কৰি এনএইছপিচিয়ে নিৰ্মাণ কাৰ্য অব্যাহত ৰাখে। ২০০৫ত প্ৰস্তুত কৰা প্ৰাক্কলনত প্ৰকল্পটোৰ নির্মাণ ব্যয় ধাৰ্য কৰা হৈছিল ৬,২৮৫ কোটি টকা। নিৰ্মাণৰ সময়সীমা দীঘলীয়া হোৱাত ব্যয়ৰ পৰিমাণ প্রায় ২৬ হেজাৰ কোটি টকালৈ বৃদ্ধি হয়।
ইপিনে, প্রকল্পটোৰ বিৰুদ্ধে গঢ়ি উঠা প্রতিবাদবোৰো ক্ৰমে স্তিমিত হৈ পৰে। ন্যায়ালয়ত বিচাৰাধীন গোচৰবোৰো এনএইছপিচিৰ পক্ষলৈহে যায়। তাৰ পাছতে নির্মাণ কার্যক ক্ষিপ্র গতি দিয়া প্রকল্পটোৰ তিনিটা গোট বিদ্যুৎ উৎপাদনৰ বাবে সাজু হৈ উঠিছে। এনে সময়তে চিইএ নিজৰ প্ৰতিবেদন স্পৰ্শকাতৰ বুলি উল্লেখ কৰা মন্তব্যই জলবিদ্যুৎ প্রকল্পটোৰ ভবিষ্যতক লৈয়ো নতুন প্ৰশ্নৰ জন্ম দিছে। অৱশ্যে ইয়াৰ মাজতে এনএইছপিচি কর্তৃপক্ষই ২০২৬ৰ মাজভাগৰ পৰা প্রকল্পটোত বিদ্যুৎ উৎপাদন আৰম্ভ কৰাৰ লক্ষ্য লৈছে।






























