ৰাষ্ট্রীয় পর্যায়ৰ পেৰা এথলীট যোগেন্দ্র সত্ৰীয়া

1754820553 odisha

Odisha:✒️কুকুৰে কামোৰাৰ ফলত মৃত্যু হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেৰা এথলীট যোগেন্দ্ৰ সত্ৰীয়াৰ।মৃত্যু হৈছে আন এজন ব্যক্তিৰ।শনিবাৰে চিকিৎসাধীন অৱস্থাত দুয়োৰে চিকিৎসালয়ত মৃত্যু হয়।

যোগেন্দ্ৰ ওড়িশাৰ বোলাংগীৰ জিলাৰ বাসিন্দা আছিল। প্ৰাপ্ত তথ্য অনুসৰি,বিগত ২৩ জুলাইত কেবাগৰাকীও ছাত্ৰ-ছাত্ৰী আৰু যোগেন্দ্ৰই পথত খোজ কাঢ়ি গৈ আছিল।

সেই সময়ত যোগেন্দ্ৰকে ধৰি মুঠ ছয়জনক কুকুৰে কামুৰিছিল। আটাইকেইজনকে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তাতে তেওঁলোক চিকিৎসাধীন হৈ আছিল।

কিন্তু অৱস্থাৰ অৱনতি ঘটাৰ লগে লগে তেওঁলোকক বুৰ্লালৈ স্থানান্তৰ কৰা হয়।স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি চিকিৎসাৰ অন্তত চাৰিজন লোক সুস্থ হৈ উঠিছে।

যদিও যোগেন্দ্ৰ আৰু হৃষিকেশ ৰাণা চিকিৎসাধীন হৈ আছিল। অৱশেষত শনিবাৰে দুয়োয়ে নিয়তিৰ ওচৰত হাৰ মানে ।

উল্লেখ্য যে,যোৱা মাহত কেন্দ্ৰই দেশত কুকুৰে কামোৰাৰ পৰিসংখ্যা প্ৰকাশ কৰিছিল। কেৱল ২০২৪ চনত কুকুৰে কামোৰাৰ ৩৭ লাখ ঘটনা নথিভুক্ত কৰা হৈছে।

Exit mobile version