উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ কাষ চাপিব বাৰ এছ’চিয়েছন

IMG 20250812 103312

Guwahati high court:✒️অসম চৰকাৰে চলিত বৰ্ষতে উত্তৰ গুৱাহাটীত উচ্চ ন্যায়ালয়ৰ নতুন চৌহদ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ তৎপৰতা চলাইছে। ইয়াৰ বিপৰীতে চৌহদ স্থানান্তৰৰ বিৰোধিতা অব্যাহত ৰাখিছে গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এছ’চিয়েছনে।

ইয়াৰ বাবে সন্থাই ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰো কাষ চাপিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে। তাৰ পূৰ্বে অহা ১৮ আগষ্টত সন্থাই উচ্চ ন্যায়ালয়খনৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰক সাক্ষাৎ কৰি বিষয়টোত হস্তক্ষেপ বিচাৰিব। সন্থাৰ এখন সভাত এই সিদ্ধান্ত গ্রহণ কৰা হয়।

আশুতোষ কুমাৰক উচ্চ ন্যায়ালয়খনৰ মুখ্য ন্যায়াধীশৰূপে নতুনকৈ নিযুক্তি দিয়া হৈছে। সেয়েহে এই সাক্ষাতৰ সিদ্ধান্ত লোৱা হৈছে। প্রসংগক্রমে উল্লেখ্য যে ইয়াৰ পূৰ্বৰ মুখ্য পৰা ন্যায়াধীশ বিজয় বিষ্ণয়ৰ পৰা সন্থাই সহাৰি নোপোৱাৰ অভিযোগ উত্থাপিত হৈছিল।

উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয় আমিনগাঁওলৈ স্থানান্তৰৰ ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰথমৰে পৰা বিৰোধ চলি আহিছে। কিন্তু তেনে বিৰোধক চৰকাৰে কোনো গুৰুত্বই প্রদান কৰা নাই। বৰঞ্চ চলিত বৰ্ষতে উত্তৰ গুৱাহাটীত ন্যায়িক চৌহদৰ আধাৰশিলা স্থাপনৰ বাবেহে চৰকাৰ অগ্ৰসৰ হৈছে।

ইয়াকে লৈ চৰকাৰ আৰু বাৰ এছ’চিয়েছনৰ মাজত সংঘাত বৃদ্ধি হৈছে। এনে সংঘাতৰ বাবেই অসম চৰকাৰৰ মহাধিৱক্তা দেৱজিৎ শইকীয়ায়ো এছ’চিয়েছনৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হয়।

Exit mobile version