চত্তীশগড় জংঘলত আই ই ডি বিস্ফোৰণ, থিতাতে নিহত এজন জোৱান, গুৰুতৰভাৱে আহত দুজন

chhattisgarh maoist encounter 222112949 16x9 1

Maoist:✒️মাওবাদীয়ে ৰোপণ কৰা আই ই ডি বিস্ফোৰণৰ ফলত চত্তীশগড়ত নিহত এজন জোৱান। আন দুজন গুৰুতৰভাৱে আহত। সোমবাৰে পুৱা বিজাপুৰ জিলাত সংঘটিত হয় এই বিস্ফোৰণ।

নিহত জোৱানজনৰ নাম দীনেশ নাগ। চত্তীশগড় আৰক্ষীৰ জিলা ৰিজাৰ্ভ গাৰ্ডৰ সদস্য আছিল তেওঁ।

নিৰাপত্তাৰক্ষীৰ সূত্ৰৰ মতে, বিগত কেইমাহমানৰ পৰা মাওবাদীক দমন কৰিবলৈ চত্তীশগড়ত এক বিশেষ অভিযান চলি আছে। আজি ডি আৰ জিয়ে ইন্দ্ৰাৱতী ৰাষ্ট্ৰীয় উদ্যান আৰু কাষৰীয়া অঞ্চলত অভিযান চলাইছিল। সেই সময়তে আই ই ডি বিস্ফোৰণ সংঘটিত হয়।

ঘটনাস্থলীতে ঢলি পৰে দিনেশ। আন দুজন জোৱান গুৰুতৰভাৱে আহত। লগে লগে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে আহত জোৱানসকলৰ অৱস্থা সংকটজনক নহয় বুলি বস্তৰৰ আই জি পি সুন্দৰৰাজে জানিবলৈ দিয়ে।

Exit mobile version